স্কুল বাছৰ বিৰুদ্ধে কঠোৰ পৰিবহণ বিভাগ

সন্তানক অভিভাৱকে নিজৰ পৰিৱৰ্তে এক ভৰসাত বিদ্যালয়লৈ যাতায়াতৰ ব্যৱস্থা কৰে স্কুল বাছৰ জৰিয়তে। এই স্কুল বাছসমূহৰ ক্ষেত্ৰত দিয়া যায় বহুকেইটা বিধি, নীতি–নিয়ম। কিন্তু এই নীতি–নিয়মৰ ক্ষেত্ৰত প্ৰতিখন স্কুল বাছ কিমান দায়বদ্ধ বুলিলে যি তথ্য চকুৰ আগত আহিব সেয়া অতি চিন্তনীয়, উদ্বোগজনক। বিশেষকৈ গুৱাহাটী মহানগৰীত প্ৰায়ে দেখা যায় হালধীয়া ৰঙৰ স্কুল বাছ। প্ৰতিখন বাছত অভিভাৱকে সন্তানক পঠিয়াই এক আস্বস্ত মন লৈ। কিন্তু এই নিশ্চিন্ত মনকো চিন্তাত পেলাব পৰা বহু তথ্য এতিয়া সকলোৰে সন্মুখলৈ আহিছে। দায়িত্বত থকা পৰিবহণ বিভাগ সম্প্ৰতি কঠোৰ হৈছে। আৰু এই কঠোৰতাৰ ফলশ্ৰুতিতে মহানগৰীত প্ৰতিদিনাই জব্দ হৈছে স্কুলবাছ। নথি-পত্ৰবিহীনভাৱেই আপোনাৰ সন্তানক কঢ়িয়াই ফুৰিছে মহানগৰীত চলি থকা বহুকেইখন স্কুল বাছে। আজিৰ দিনটোত পুৱাৰ ভাগত এইদৰে ইখনৰ পিছত সিখনকৈ পাৰ হৈ গৈছে হালধীয়া স্কুল বাছ। এইসমূহ স্কুলীয়া বাছৰ ক্ষেত্ৰত পৰিবহণ বিভাগে গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা। অতি উদ্বেগজনক কথা এয়াই যে– নথি পত্ৰ নোহোৱাকৈ বছৰে বছৰে চলি আহিছে এইসমূহ হালধীয়া বাছ। কোনো যেন পৰোৱাই নাই বিভাগে প্ৰদান কৰা নীতি নিৰ্দেশনাত। বিয়াগোম বিভাগক অংগুষ্ঠ প্ৰদৰ্শনেৰে অবিৰতভাৱে চলিছে স্কুল বাছসমূহ।

এখন বাহন চলাবলৈ এজন চালকক যিদৰে কৌশলৰ প্ৰয়োজন একেদৰে প্ৰয়োজন অনুজ্ঞাপত্ৰৰো। পৰিহণ বিভাগে এজন চালকক বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত প্ৰদান কৰে লাইছেন্স। অৰ্থাৎ ৰাজপথত গাড়ী চলোৱাৰ অনুজ্ঞা পত্ৰ। কিন্তু আপুনি জানি আচৰিত হ’ব মহানগৰীত পুৱা আৰু বিয়লি দেখা পোৱা বহুকেইখন স্কুলৰ বাছৰ চালকৰে নাই অনুজ্ঞাপত্ৰ। অৰ্থাৎ, বিয়াগোম বিভাগক আকৌ এবাৰ ভেঙুচালি। বিনা লাইছেন্সেৰে কোনোধৰণৰ ভ্ৰুক্ষেপ নকৰাকৈ সদম্ভে চলাইছে বাছ। ককো যেন কেৰেপেই নকৰে। এয়া আজিৰ কথা নহয়, এয়া যেন বছৰে বছৰে চলি অহা প্ৰথা। হালধীয়া বাছসমূহত ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে নিৰ্ধাৰণ কৰা হয় কিছু প্ৰয়োজনীয় সাধনৰ ব্যৱস্থা। সেইসমূহ ব্যৱস্থা থকাটো বাধ্যতামূলক লগতে অনিবাৰ্য। কিন্তু যিসমূহ বাছ চলি আছে সেই বাছসমূহত প্ৰয়োজনীয় সুবিধাৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰী। প্ৰাথমিকভাৱে থাকিব লগা স্কুল বেগসমূহ থ’বলৈও নাই প্ৰয়োজনীয় ষ্টেণ্ড বহুকেইখন স্কুল বাছত। ছাত্ৰ ছাত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত অন্যতম আৰু অতি জৰুৰী ব্যৱস্থাপনা হৈছে বাছত CCTVৰ ব্যৱস্থা। কিন্তু বহুকেইখন বাছেই সেই সুবিধাৰ পৰা বঞ্চিত কৰিছে ছাত্ৰ ছাত্ৰীক। যাৰ ফলত প্ৰশ্ন উঠিছে শিক্ষাৰ্থীৰ সুৰক্ষাৰ প্ৰতিও। পৰিহণ বিভাগে দেখুৱাইছে তৎপৰতা, গ্ৰহণ কৰিছে ব্যৱস্থা।

বিগত কেইবাদিনো মহানগৰীৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আহিছে পৰিবহন বিভাগে। আজিৰ দিনটোতো মহানগৰীত অভিযান চলালে পৰিবহণ বিভাগে। নথি পত্ৰ নথকা বাহনৰ ক্ষেত্ৰত নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিছে পৰিবহণ বিভাগে। ৭ খনকৈ বাহনৰ নঠি পত্ৰ নথকাৰ বাবে গোচৰ ৰুজু কৰিছে পৰিবহন বিভাগে নিজাববীয়াকৈ। ইয়াতে ক্ষান্ত নাথাকি বৰ্তমানলৈ অৰ্ধশতাধিক বাহন পৰীক্ষা কৰিছে বিভাগটোৱে। বিড়ম্বনাৰ কথাটো এয়াই যে– বিদ্যালয়সমূহত স্কুল বাছৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে পৰিবহণ বিভাগে পাতিছিল সভা। কিন্তু এই সভাসমূহলৈ চূড়ান্ত ভেঙুচালি কৰি গুৰুত্বহীনতাৰে নিয়ম নমনা একাংশ স্কুল বাছৰ চলি আছে উৰ্দ্ধতালি। ওভগোঁৰে নচা এইসমূহ বাছক কিদৰে পৰিবহণ বিভাগে নাকী লগাব পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব। কিন্তু বছৰি বছৰি চলি অহা এই নিয়ম নীতিহীন বাছৰ ফলত সংঘটিত হ’ব পৰা যিকোনো অনাকাংক্ষিত ঘটনাৰ বাবে দায়বদ্ধ কোন হ’ব সেয়া নিশ্চয়কৈ সৰ্বজনবিদিত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

সোণাৰিৰ নামতোলাৰ অপহৰণ কাণ্ডই জোকাৰিছে ৰাজ্য

ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত পুনৰ নগা দুৰ্বৃত্তৰ সন্ত্ৰাস। সোণাৰিৰ নামতোলাত...

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ পদত্যাগ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ পদত্যাগ। ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ...

শিৱসাগৰৰ ডিমৌত চাঞ্চল্যকৰ অপহৰণ-ধৰ্ষণ

এনকাউন্টাৰতো ভীতিগ্ৰস্ত নহয় একাংশ। আৰক্ষীৰ গুলীয়ে ৰোধ কৰিব পৰা...

কোনে হত্যা কৰিছিল ৰূপহীহাটৰ গড়াজানৰ ৪জনক?

নগাঁৱৰ ৰূপহীহাটৰ গড়াজানত যোৱা ২২ নৱেম্বৰত সংঘটিত হৈছিল এটা...