কেন্দ্ৰত পৰৱৰ্তী চৰকাৰ গঠন হ’লেই সংৰক্ষণ ব্যৱস্থা নিৰ্মূল হ’ব নেকি?

কেন্দ্ৰত পৰৱৰ্তী চৰকাৰ গঠন হ’লেই সংৰক্ষণ ব্যৱস্থা নিৰ্মূল হ’ব নেকি? সংৰক্ষণৰ সুবিধাৰ পৰা বঞ্চিত হ’ব নেকি অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকল। লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত এই সংৰক্ষণ ব্যৱস্থাক লৈ শাসক–বিৰোধীৰ মুখত প্ৰায়ে শুনিবলৈ পোৱা গৈছে পৰস্পৰ বিৰোধী মন্তব্য। বিভিন্ন দলৰ নেতৃত্বই সংৰক্ষণ ব্যৱস্থাক এইবাৰ আন এক ৰাজনৈতিক অস্ত্ৰ ৰূপে গ্ৰহণ কৰিবলৈ উঠিপৰি লগা দেখা গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লগতে আন একাংশ শীৰ্ষ নেতায়ো সংৰক্ষণ ব্যৱস্থাক লৈ বিভিন্ন মন্তব্য আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ জৰিয়তে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাইছে প্ৰতিটো ৰাজনৈতিক দলে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সংৰক্ষণ ব্যৱস্থাক লৈ বিজেপি আৰু একাংশ সহযোগী দলে মিথ্যাচাৰৰ আশ্ৰয় লোৱা বুলি অভিযোগ কৰাৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্টভাৱে এই দাবী কৰে যে কংগ্ৰেছ ক্ষমতালৈ আহিলে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ বাবে থকা সংৰক্ষণ ব্যৱস্থা নাইকীয়া কৰিব। বুধবাৰে গুজৰাটত নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে সংৰক্ষণ ব্যৱস্থাক লৈ কংগ্ৰেছ আৰু বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ক আক্ৰমণৰ লক্ষ্য কৰি লয়। NDAই চলিত লোকসভা নিৰ্বাচনত ৪০০ আসন লাভ কৰিলে সংৰক্ষণ ব্যৱস্থা নিৰ্মূল কৰিব বুলি কংগ্ৰেছ আৰু ‘ইণ্ডিয়া’ৰ নেতাসকলে দাবী কৰিছে। বিৰোধীৰ এই দাবী সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন বুলি অভিযোগ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এয়া কংগ্ৰেছ আৰু ‘ইণ্ডিয়া’ৰ নেতৃবৰ্গৰ মিথ্যাচাৰৰ বাহিৰে আন একো নহয়। বিৰোধী দলত এতিয়া এনে মিথ্যাচাৰেই একমাত্ৰ অস্ত্ৰ হৈ পৰা বুলি মন্তব্য কৰি মোদীয়ে কয় যে কংগ্ৰেছে ক্ষমতালৈ আহিলে ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। কংগ্ৰেছে ক্ষমতা দখল কৰিবলৈ সক্ষম হ’লে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰ বাবে থকা সংৰক্ষণৰ সুবিধা কৰ্তন কৰি মুছলিম সম্প্ৰদায়ৰ মাজত এই ব্যৱস্থা কাৰ্যকৰী কৰিব।

বিজেপি ক্ষমতালৈ আহিলে কোনো কাৰণতে কংগ্ৰছৰ  এই ষড়যন্ত্ৰ কাৰ্যকৰী হ’বলৈ দিয়া নহয় বুলি স্পষ্ট কৰি দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। মহাৰাষ্ট্ৰত নিৰ্বাচনী ভাষণত প্ৰধানমন্ত্ৰীয়ে পুনৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকৰ সংৰক্ষণ ব্যৱস্থাৰ প্ৰসংগ উল্লেখ কৰে। তেওঁ কয় যে দেশবাসীয়ে বিগত সময়ছোৱাত কংগ্ৰেছৰ ৬০ বছৰ আৰু বিজেপিৰ ১০ বছৰীয়া কাৰ্যকালত প্ৰত্যক্ষ কৰিছে। এই সময়ছোৱাত মোদী চৰকাৰে কংগ্ৰেছৰ তুলনাত পিছপৰা শ্ৰেণীৰ লোকৰ উন্নয়ন আৰু সামাজিক ন্যায়ৰ বাবে যথেষ্ট কাম কৰা বুলি দাবী কৰি মোদীয়ে কয় যে বিগত সময়ছোৱাত কেইবাটাও সম্প্ৰদায়ৰ বাবে মোদী চৰকাৰে সংৰক্ষণৰ সুবিধা আগবঢ়াইছে।  ভোটবেংকৰ স্বাৰ্থত কংগ্ৰেছ আৰু বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ সহযোগী দলসমূহে সংৰক্ষণ ব্যৱস্থাক এক শক্তিশালী ৰাজনৈতিক অস্ত্ৰ ৰূপে  গ্ৰহণ কৰি অহাৰ বিপৰীতে বিজেপি চৰকাৰে সামাজিক বৈষম্যতা আৰু সামগ্ৰিক উন্নয়নৰ বাবে সংৰক্ষণৰ পোষকতা কৰি আহিছে। ধৰ্মৰ ভিত্তিত সংৰক্ষণ ব্যৱস্থাৰ প্ৰসংগ উল্লেখ কৰি মোদীয়ে কয় যে কংগ্ৰেছে ক্ষমতালৈ আহিলে এনে পদক্ষেপ গ্ৰহণ কৰাটো নিশ্চিত।কংগ্ৰেছক প্ৰত্যাহ্বান জনাই মোদীয়ে লগতে কয় যে যদিহে কংগ্ৰেছ আৰু সহযোগী দলসমূহে ধৰ্মৰ ভিত্তিক সংৰক্ষণ ব্যৱস্থা কাৰ্যকৰী নকৰে তেন্তে তাক লিখিত ৰূপত প্ৰকাশ কৰক। ধৰ্মৰ নামত সংৰক্ষণ ব্যৱস্থাৰ অপব্যৱহাৰ নকৰাটো কংগ্ৰেছ আৰু বিৰোধী দলসমূহে নিশ্চিত কৰক।ধৰ্মৰ নামত সংৰক্ষণ ব্যৱস্থা কাৰ্যকৰী নকৰাৰ লগতে সংবিধান অৱমাননা নকৰাৰো নিশ্চয়তা প্ৰদান কৰিবলৈ কংগ্ৰেছ আৰু সহযোগী দলসমূহক প্ৰত্যাহ্বান জনায় মোদীয়ে। তেওঁ কোনো কাৰণতে ধৰ্মৰ ভিত্তিত সংৰক্ষণ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ নিদিয়ে বুলি মোদীয়ে স্পষ্ট কৰে। বিজেপি ক্ষমতাত থকালৈকে কৰ্মসংস্থান আৰু শিক্ষাৰ ক্ষেত্ৰত অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে সংৰক্ষণৰ সুবিধা বাহাল ৰাখিব বুলি মোদীয়ে কয়।

আনহাতে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ নেতাসকলে সংৰক্ষণ ব্যৱস্থাক লৈ কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ প্ৰসংগত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে, বিজেপিয়ে নিৰ্বাচনত জয়লাভৰ স্বাৰ্থত মিথ্যাচাৰৰ আশ্ৰয় লৈছে। মোদীৰ এই দাবী আৰু বিজেপিৰ শ্ল’গানৰ কোনো বাস্তৱ ভিত্তি নাই বুলি দাবী কৰি ৰাহুল গান্ধীয়ে কয় যে কংগ্ৰেছে কোনো দিনেই পিছপৰা শ্ৰেণীৰ লোকৰ সংৰক্ষণৰ ব্যৱস্থাৰ বিৰোধিত কৰা নাই। বৰঞ্চ বিজেপি ক্ষমতালৈ আহিলে চৰকাৰী চাকৰি আৰু সংৰক্ষণ ব্যৱস্থা নিৰ্মূল কৰাৰ ছবিহে প্ৰতিফলিত হৈছে প্ৰধানমন্ত্ৰী মোদীৰ ভাষণত।ৰাহুলে লগতে কয় যে মোদীৰ নিৰ্বাচনী শ্ল’গানৰ প্ৰকৃত অৰ্থ হ’ল কোনো সমস্যাৰ সৃষ্টি নহ’বলৈ মোদী চৰকাৰে সংৰক্ষণ ব্যৱস্থাটোৱে নাইকীয়া কৰাৰ পোষকতা কৰিছে। কংগ্ৰেছে কোনো কাৰণতে সংৰক্ষণৰ বিৰোধিতা কৰা নাই বুলি স্পষ্ট কৰি দি ৰাহুল গান্ধীয়ে লগতে অভিযোগ কৰে যে মুষ্টিমেয় সংখ্যক উদ্যোগপতিৰ স্বাৰ্থত হে কাম কৰি আহিছে বিজেপি চৰকাৰে। দলিত, জনজাতি আৰু পিছপৰা শ্ৰেণীৰ লোকসকলে ভোগ কৰি অহা সংৰক্ষণৰ সুবিধা কৰ্তন কৰি বিজেপি চৰকাৰে অন্ধভাৱে চৰকাৰী প্ৰতিষ্ঠানসমূহ ব্যক্তিগতকৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। ইয়াৰ ফলত চৰকাৰী নিয়োগৰ সুবিধা নাইকীয়া হ’ব আৰু কোনো সম্প্ৰদায়ৰ বাবে সংৰক্ষণ ব্যৱস্থাৰো প্ৰয়োজন নাথাকিব বুলি মন্তব্য কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। চৰকাৰী প্ৰতিষ্ঠান ব্যক্তিগতকৰণৰ প্ৰসংগত ৰাহুল গান্ধীয়ে লগতে কয় যে বিগত সময়ছোৱাত ৰাজহুৱাখণ্ডৰ প্ৰতিষ্ঠানৰ পৰা প্ৰায় ৬ লাখ স্থায়ী চাকৰি নিৰ্মূল কৰিছে বিজেপি চৰকাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

নিলম্বিত OC ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এটাৰ পিছত আন এটা গুৰুতৰ অভিযোগ

গুৱাহাটীৰ বৰ্বৰ কাণ্ডৰ পিছতে নিলম্বিত OC ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে...

গুৱাহাটীৰ ফাঁচীবজাৰৰ ঘটনাই জোকাৰিছে ৰাজ্য

গুৱাহাটীৰ ফাঁচীবজাৰৰ ঘটনাই জোকাৰিছে ৰাজ্য। ডেলিভাৰী বয়ক আৰক্ষী বিষয়াই...

গুৱাহাটীৰ পিছত নাজিৰাত আৰক্ষীৰ কাণ্ড

অসম আৰক্ষীতে হৈছে কি? গুৱাহাটীৰ পিছত নাজিৰাত আৰক্ষীৰ কাণ্ড।...

পিতৃ নাই, ঘৰত কেৱল মাতৃ আৰু ভগ্নী… আপুনি-মই ভবাতকৈ হয়তো বহু কঠিন জ্ঞানদীপৰ জীৱন

গুৱাহাটীৰ ফাঁচীবজাৰৰ ঘটনাই জোকাৰিছে ৰাজ্য। ডেলিভাৰী বয়ক আৰক্ষী বিষয়াই...