হিম চেঁচা তুষাৰৰ দৰে কাজিৰঙাৰ তৃণভূমিত শুভ্ৰতাৰ আচ্ছাদন

কাজিৰঙাৰ তৃণভূমিত এতিয়া শুভ্ৰতাৰ আচ্ছাদন। যিমান দূৰলৈ দৃষ্টি গৈছে সিমানলৈ দেখিব কেৱল শুভ্ৰ দলিচা। পৰ্যটকৰ লগতে বন্যজন্তুৰো উলাহ দেখিবলৈ পোৱা গৈছে। উৎফুল্লিত পৰ্যটকে কেমাৰাত আৱদ্ধ কৰিছে প্ৰকৃতিৰ অনন্য ৰূপ।

হিম চেঁচা তুষাৰৰ দৰে কাজিৰঙাৰ তৃণভূমিত শুভ্ৰতাৰ আচ্ছাদন৷ নয়নাভিৰাম দৃশ্যৰে উজলি উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ যেন কবিৰ কবিতাত দৃশ্যায়ান হোৱা কোনো মায়াৱী পৰিৱেশ। যিমান দূৰলৈ দৃষ্টি নিক্ষেপ কৰিব সিমানলৈ দেখিব কেৱল শুভ্ৰ দলিচা। তাতে আকৌ সোণত সুৱগা চৰাইছে গঁড়, হৰিণা, ম’হ আদি বন্যজন্তুৰ জাকে। নতুনকৈ গজি উঠা উলুবনবোৰ ফুলিছে শৰতৰ কঁহুৱাৰ দৰে৷ বিস্তৃত এলেকা আৱৰি উলু ফুলে সৃষ্টি কৰিছে অনন্য পৰিৱেশৰ।

নয়নিভিৰাম দৃশ্যৰে উজলি উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
সোণত সুৱগা চৰাইছে গঁড় হৰিণা ম’হ আদি বন্যজন্তুৰ জাকে
নতুনকৈ গজি উঠা উলুবনবোৰ ফুলিছে শৰতৰ কঁহুৱাৰ দৰে
বিস্তৃত এলেকা আৱৰি উলু ফুলে সৃষ্টি কৰিছে মায়াবী পৰিৱেশৰ
অহা ১৫ মে’ত অন্ত পৰিব ৰাষ্ট্ৰীয় উদ্যানখনৰ ২০২৩-২৪ পৰ্যটন বৰ্ষ

এই শুভ্ৰ দলিচাত অধিকাৰ কৰি বিচৰণ কৰিছে হৰিণাৰ লগতে অসম গৌৰৱ এশিঙীয়া গড়ে। এই মনোমোহা দৃশ্য ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন এলেকাত এইদৰে উলুফুলৰ প্ৰয়োভৰ ঘটিছে। যদিও বুঢ়াপাহাৰ বনাঞ্চলৰ বিস্তৃত এলেকা আৱৰি থকা উলু ফুলে সৃষ্টি কৰিছে নান্দনিক পৰিৱেশৰ। এই দৃশ্য দেখি উৎফুল্লিত পৰ্যটক সকল। নিজৰ কেমাৰাত আৱদ্ধ কৰিছে প্ৰকৃতিৰ অনন্য ৰূপ। অৱশ্যে এনে মায়াবী পৰিৱেশ উপভোগ কৰা সৌভাগ্য দীৰ্ঘদিনলৈ সম্ভপৰ নহ’ব পৰ্যটকৰ বাবে। কাৰণ অহা ১৫ মে’ত অন্ত পৰিব ৰাষ্ট্ৰীয় উদ্যানখনৰ ২০২৩-২৪ পৰ্যটন বৰ্ষ।

বাৰিষাৰ প্ৰাকক্ষণত সকলোৰে মনপ্ৰাণ হৰি নিব পৰা এই নয়নাভিৰাম দৃশ্যৰে উজলি উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। গতিকে উলুফুলৰ এই নান্দনিক দৃশ্য উপভোগ কৰিবলৈ আপুনিও যাব পাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ।

NKTV Digital
Author: NKTV Digital

3 COMMENTS

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...