হিম চেঁচা তুষাৰৰ দৰে কাজিৰঙাৰ তৃণভূমিত শুভ্ৰতাৰ আচ্ছাদন

কাজিৰঙাৰ তৃণভূমিত এতিয়া শুভ্ৰতাৰ আচ্ছাদন। যিমান দূৰলৈ দৃষ্টি গৈছে সিমানলৈ দেখিব কেৱল শুভ্ৰ দলিচা। পৰ্যটকৰ লগতে বন্যজন্তুৰো উলাহ দেখিবলৈ পোৱা গৈছে। উৎফুল্লিত পৰ্যটকে কেমাৰাত আৱদ্ধ কৰিছে প্ৰকৃতিৰ অনন্য ৰূপ।

হিম চেঁচা তুষাৰৰ দৰে কাজিৰঙাৰ তৃণভূমিত শুভ্ৰতাৰ আচ্ছাদন৷ নয়নাভিৰাম দৃশ্যৰে উজলি উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ যেন কবিৰ কবিতাত দৃশ্যায়ান হোৱা কোনো মায়াৱী পৰিৱেশ। যিমান দূৰলৈ দৃষ্টি নিক্ষেপ কৰিব সিমানলৈ দেখিব কেৱল শুভ্ৰ দলিচা। তাতে আকৌ সোণত সুৱগা চৰাইছে গঁড়, হৰিণা, ম’হ আদি বন্যজন্তুৰ জাকে। নতুনকৈ গজি উঠা উলুবনবোৰ ফুলিছে শৰতৰ কঁহুৱাৰ দৰে৷ বিস্তৃত এলেকা আৱৰি উলু ফুলে সৃষ্টি কৰিছে অনন্য পৰিৱেশৰ।

নয়নিভিৰাম দৃশ্যৰে উজলি উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
সোণত সুৱগা চৰাইছে গঁড় হৰিণা ম’হ আদি বন্যজন্তুৰ জাকে
নতুনকৈ গজি উঠা উলুবনবোৰ ফুলিছে শৰতৰ কঁহুৱাৰ দৰে
বিস্তৃত এলেকা আৱৰি উলু ফুলে সৃষ্টি কৰিছে মায়াবী পৰিৱেশৰ
অহা ১৫ মে’ত অন্ত পৰিব ৰাষ্ট্ৰীয় উদ্যানখনৰ ২০২৩-২৪ পৰ্যটন বৰ্ষ

এই শুভ্ৰ দলিচাত অধিকাৰ কৰি বিচৰণ কৰিছে হৰিণাৰ লগতে অসম গৌৰৱ এশিঙীয়া গড়ে। এই মনোমোহা দৃশ্য ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন এলেকাত এইদৰে উলুফুলৰ প্ৰয়োভৰ ঘটিছে। যদিও বুঢ়াপাহাৰ বনাঞ্চলৰ বিস্তৃত এলেকা আৱৰি থকা উলু ফুলে সৃষ্টি কৰিছে নান্দনিক পৰিৱেশৰ। এই দৃশ্য দেখি উৎফুল্লিত পৰ্যটক সকল। নিজৰ কেমাৰাত আৱদ্ধ কৰিছে প্ৰকৃতিৰ অনন্য ৰূপ। অৱশ্যে এনে মায়াবী পৰিৱেশ উপভোগ কৰা সৌভাগ্য দীৰ্ঘদিনলৈ সম্ভপৰ নহ’ব পৰ্যটকৰ বাবে। কাৰণ অহা ১৫ মে’ত অন্ত পৰিব ৰাষ্ট্ৰীয় উদ্যানখনৰ ২০২৩-২৪ পৰ্যটন বৰ্ষ।

বাৰিষাৰ প্ৰাকক্ষণত সকলোৰে মনপ্ৰাণ হৰি নিব পৰা এই নয়নাভিৰাম দৃশ্যৰে উজলি উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। গতিকে উলুফুলৰ এই নান্দনিক দৃশ্য উপভোগ কৰিবলৈ আপুনিও যাব পাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ।

NKTV Digital
Author: NKTV Digital

3 COMMENTS

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...