তিনিচুকীয়া সংঘটিত হ’ল গাৰ নোম শিঁয়ৰি উঠা এটা ঘটনা

তিনিচুকীয়া সংঘটিত হ’ল গাৰ নোম শিঁয়ৰি উঠা এটা ঘটনা। বিস্কুটৰ ফেক্টৰীত কাম কৰা সতীৰ্থক সুপৰিকল্পিতভাবে হত্যা কৰিলে ৫জনীয়া এটা দলে। দাৰে ঘপিয়াই হত্যা কৰি জ্বলাই দিলে মৃতদেহ। আৰক্ষীয়ে আটক কৰিলে হত্যাকাণ্ডত জড়িত ৫জনক। ইয়াৰে দুজন নাবালক। এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য তিনিচুকীয়াত। আৰক্ষীয়ে হত্যাকাৰীক লগত লৈ উদ্ধাৰ কৰিলে দা আৰু হত্যাকাণ্ডৰ সময়ত পৰিধান কৰি থকা কাপোৰ।

নাবালকে সংঘটিত কৰা এটা লোহৰ্ষক ঘটনা

১৫ এপ্ৰিলৰ পুৱা তিনিচুকীয়া চহৰৰ সমীৱৰ্তী কচুজানৰ শুকানপুখুৰী চাহ বাগিচাত অগ্নিদগ্ধ এটা মৃতদেহ উদ্ধাৰ হৈছিল। সেই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছিল চাঞ্চল্যৰ। মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল যদিও চিনাক্ত কৰিব পৰা নাছিল। পাছত সংবাদ মাধ্যমত খবৰ পাই স্পষ্ট হৈছিল পৰিয়াল।

মৃতদেহটো আছিল ৰাজ লাচিতৰ। তিনিচুকীয়াৰ পৰ্বতীয়াত থকা হ’ট অভেন নামৰ বেকাৰীত কাম কৰিছিল ৰাজ লাচিতে। ১৪ এপ্ৰিলত ফেক্টৰীটোত একেলগে কাম কৰা ককৰাতলীৰ গগৈ উপাধিৰ এজনৰ সৈতে বিহু খাবলৈ ওলাই গৈছিল। তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছিল ৰাজ লাচিত। পৰিয়াল তেতিয়াই কাষ চাপিছিল আৰক্ষীৰ।

২৬ এপ্ৰিলতহে নিশ্চিত হ’ল পৰিয়াল। আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ। ইয়াৰ পাছতে আৰক্ষীয়ে আৰম্ভ কৰিলে তদন্ত। অভিযান চলাই ঘটনাৰে জড়িত থকাৰ সন্দেহত ৫জন যুৱক-নাবালকক আটক কৰিলে আৰক্ষীয়ে।

৫জনে মিলি দাৰে ঘপিয়াই হত্যা কৰিছিল ৰাজ লাচিত
পাছত জ্বলাই দিছিল মৃতদেহ
কুঁৱাত পেলাই দিছিল দা আৰু পৰিধান কৰি থকা কাপোৰ

হত্যাৰ ৫ অভিযুক্তক লগত লৈ আৰক্ষীয়ে চলালে অভিযান। উদ্ধাৰ কৰিলে ৰাজ লাচিতক হত্যা কৰিবলৈ ব্যৱহাৰ কৰা দা আৰু সেই সময়ত হত্যাকাৰীয়ে পিন্ধি থকা কাপোৰ।

ফেক্টৰীৰ সহকৰ্মীয়ে ল’লে প্ৰতিশোধ
সু-পৰিকল্পিতভাবে হত্যা কৰিলে ৰাজ লাচিতক

এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য তিনিচুকীয়াত। নাবালকে সংঘটিত কৰা এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগেলগে উদ্বিগ্ন সচেতন ৰাইজৰ। সামাজিক ব্যৱস্থাৰ স্খলনৰ আন এখন ভয়ানক ছবি এই ঘটনাই আনিলে পোহৰলৈ।

NKTV Digital
Author: NKTV Digital

8 COMMENTS

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...