মঙলবাৰে যোৰহাটত ৰোড শ্ব’ত অংশ ল’ব প্ৰিয়ংকা গান্ধীয়ে

তিতাবৰৰ পৰা যোৰহাটলৈ প্ৰিয়ংকা গান্ধীৰ বিশাল ৰোড শ্ব’ৰ আয়োজন

একেদিনাই যোৰহাটৰ মাজুলী-আমগুৰিত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে

যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ প্ৰচাৰ চলাবলৈ মঙলবাৰে অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। যোৰহাটত এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

দিনৰ ১০.৪৫ বজাত যোৰহাটত উপস্থিত হ’ব প্ৰিয়ংকা গান্ধী

বিমানবন্দৰতে প্ৰিয়ংকা গান্ধীক আদৰণি জনাব প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই। ইয়াৰ পিছতেই বিমানবন্দৰৰ পৰা প্ৰিয়ংকা গান্ধী পোনে পোনে ৰাওনা হ’ব তিতাবৰলৈ।

দিনৰ ১১.৩০ বজাত তিতাবৰৰ পৰা আৰম্ভ হ’ব প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব’

দিনৰ ১২.৩০ বজাত যোৰহাটত অন্ত পৰিব প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব’

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব’ক লৈ ইতিমধ্যে যোৰহাটত ব্যাপক আয়োজন চলাইছে কংগ্ৰেছ দলে। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন বিধানসভা সমষ্টিৰ পৰা প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব’লৈ কংগ্ৰেছে আনিব দলীয় নেতা–কৰ্মীক। ইপিনে মাথোঁ এঘণ্টাৰ বাবে যোৰহাটত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী যোৰহাট বিমানবন্দৰৰ পৰা উৰা মাৰিব ত্ৰিপুৰাৰ আগৰতলালৈ।                                                                                                          

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কাব্যৰ পৃথিৱীত সুকীয়া সুৰ! আজি কাব্যঋষি নীলমণি ফুকনৰ জন্মদিন

'এতিয়া আৰু কোনো শব্দ নাইমাথোঁ নিৰৱতা...' নিৰৱতাৰ মাজতো যিগৰাকী কবিৰ...

জীৱনেই হওক প্ৰথম পছন্দ! আজি বিশ্ব আ/ত্ম/হ/ত্যা প্ৰতিৰোধ দিৱস

প্ৰতি বছৰে ১০ ছেপ্টেম্বৰত বিশ্ব আ/ত্ম//হ/ত্যা প্ৰতিৰোধ দিৱস পালন...

Appleৰ নতুন চমক! মুকলি iPhone 18 Pro আৰু Pro Max

বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান Apple-এ ৯ ছেপ্টেম্বৰত মুকলি কৰিলে...

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা। ট্ৰেণ্ডৰ দৌৰত ৰাজনৈতিক...