মোজাম্বিকত ভয়াৱহ নাও দুৰ্ঘটনা

দক্ষিণ-পূব আফ্ৰিকাৰ দেশ মোজাম্বিকৰ উত্তৰ উপকূলত সংঘটিত এক নাও দুৰ্ঘটনাত কমেও ৯৫জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় আন কেইবাজনো লোক। দেওবাৰে সংঘটিত হয় এই নাও দুৰ্ঘটনা। নাওখনত ১৩০জন যাত্ৰী কঢ়িয়াই নিয়াৰ সময়তে সাগৰত ডুব যায় নাওখন। মোজাম্বিকৰ নামপুলা প্ৰদেশৰ লুংগা আৰু মোজাম্বিক দ্বীপৰ মাজত চলাচল কৰা এই সাধাৰণ নাওখনত বহন ক্ষমতাতকৈ অধিকসংখ্যক যাত্ৰী কঢ়িয়াই নিয়া হৈছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে উদ্ধাৰ কাৰ্য চলোৱা হয় যদিও সাগৰৰ ঢৌত উটি যায় বহুসংখ্যক যাত্ৰী। উল্লেখ্য যে মোজাম্বিকৰ বিভিন্ন অঞ্চলত কলেৰা ৰোগৰ প্ৰদূৰ্ভাৱ ঘটাৰ পিছতে এই ৰোগৰ পৰা হাত সাৰিবলৈ নাৱেৰে পলায়ন কৰিছিল এইসকল লোকে। আনহাতে প্ৰশাসনে দাবী কৰা মতে কলেৰা ৰোগে মোজাম্বিকত এতিয়াও ব্যাপকৰূপ ধাৰণ কৰা নাই যদিও একাংশ লোকে প্ৰচাৰ কৰা উৰা বাতৰিত ভোল গৈ এইসকল লোকে সাধাৰণ নাওখনেৰে আঁতৰি যোৱাৰ চেষ্টা চলাইছিল।

মোজাম্বিকত ভয়াৱহ নাও দুৰ্ঘটনা
দুৰ্ঘটনাত নিহত কমেও ৯৫জন লোক
মোজাম্বিকৰ উত্তৰ উপকূলত সংঘটিত এই ঘটনা
সাধাৰণ নাওখনত আছিল ১৩০জনৰো অধিক লোক
দুৰ্ঘটনাৰ পিছতে ঢৌত উটি যায় বহু লোক
কলেৰা ৰোগৰ পৰা পৰিত্ৰাণ বিচাৰি পলায়ন কৰিছিল তেওঁলোকে
মোজাম্বিকৰ বহু অঞ্চলত কলেৰাৰ প্ৰাদূৰ্ভাৱ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...

আন্তঃৰাষ্ট্ৰীয় তাৰকা নহয়, জন আব্ৰাহামৰ পছন্দ অসমৰ খেলুৱৈ!

বলিউড অভিনেতা তথা নৰ্থইষ্ট ইউনাইটেডৰ মালিক জন আব্ৰাহামে নিজৰ...