ভাৰতলৈ আহি আছে INS ‘তুশীল’, ‘তমাল’

দীৰ্ঘ অপেক্ষাৰ অন্ত
ভাৰতলৈ আহি আছে INS ‘তুশীল’, ‘তমাল’
বৃদ্ধি পাব ভাৰতীয় নৌসেনাৰ শক্তি

শত্ৰু দেশেৰে আগুৰি আছে ভাৰতক। বিভিন্ন ধৰণেৰে উত্তৰ–পূব দিশৰ পৰা চীন আৰু উত্তৰ–পশ্চিম দশৰ পৰা পাকিস্তানে দি আছে ভাবুকি। বহিঃশত্ৰুৰ লগতে সন্ত্ৰাসবাদী সাগৰীয় পথ ব্যৱহাৰ কৰি ভাৰতক ক্ষতি কৰাৰ অহৰহ চেষ্টা চলাই আছে। সাগৰীয় পথ ব্যৱহাৰ কৰি সন্ত্ৰাসবাদীয়ে কি দৰে দেশক বিপদগ্ৰস্ত কৰিব পাৰে মুম্বাইৰ আক্ৰমণেই তাৰ প্ৰমাণ। এনে অৱস্থাত ভাৰতত নৌ শক্তি বৃদ্ধিৰ অহৰহ চেষ্টা চলি আছে। অৱশেষত নিশ্চিত হ’ল-

ৰাছিয়াৰ পৰা ভাৰতলৈ অনা হ’ব ‘তুশীল’, ‘তমাল’ নামৰ দুখন জাহাজ
‘তুশীল’, ‘তমাল’–এ বহু গুণে বৃদ্ধি কৰিব নৌসেনাৰ শক্তি
ইতিমধ্যে জাহাজৰ নিৰ্মাণ শেষ হৈছে

INS তুশীল আৰু INS তমাল চলিত বছৰতে পাবহি ভাৰত। ভাৰতীয় নৌসেনাৰ চিফ অফ মেটেৰিয়েল ডাইৰেক্টৰেটৰ শীৰ্ষ পৰ্যায়ৰ এটা দল সম্প্রতি জাহাজ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ ল’বলৈ ৰাছিয়ালৈ যায়।

ভাৰতীয় নৌসেনাৰ প্ৰয়োজন অনুযায়ী নিৰ্মাণ কৰা হৈছে যুদ্ধ জাহাজ দুখন
অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ কৰা হৈছে দুয়োখন ৰণতৰীত

দুবছৰৰ পূৰ্ব যুদ্ধ জাহাজ দুখন ভাৰত পোৱাহিৰ কথা আছিল যদিও ইউক্ৰেইন যুদ্ধই বিলম্ব কৰিলে। পলম হ’লেও যুদ্ধৰ মাজতে পুনৰ কাম আৰম্ভ হয় আৰু চলিত বৰ্ষতে জাহাজ দুখন ভাৰত পোৱাৰ সম্ভাৱনা আছে। ৰাছিয়া ভ্ৰমণৰ পৰা অহা নৌসেনাৰ চিফ অফ মেটেৰিয়েল ডাইৰেক্টৰেটৰ দলটোয়ে প্ৰকাশ কৰিছে বৰ্তমান জাহাজ দুখনৰ পৰীক্ষা–নিৰীক্ষা চলি আছে। সাগৰত নমাইও চলাই থকা হৈছে ট্ৰায়েল। প্ৰথমে ‘INS তুশীল’ক ভাৰতক গতোৱাৰ ব্যৱস্থা কৰা হৈছে।

অহা আগষ্টতে ভাৰত পাবহি পাৰে INS ‘তুশীল’! ‘INS তুশীল’ক ভাৰতলৈ পঠোৱাৰ পিছত পূৰ্ণ পৰ্যায়ত ট্ৰায়েল চলিব INS ‘তমাল’ৰ। বছৰৰ শেষত ভাৰত পাবহি তমাল। ইয়াৰ উপৰি ৰাছিয়াৰ সহযোগত গোৱা ছিপইয়াৰ্ডত নিৰ্মণ চলি আছে আন দুখন যুদ্ধ জাহাজৰ। ২০২৬ চনত এই দুখন যুদ্ধ জাহাজো নিৰ্মাণ হৈ উঠিব। এই অৱস্থাত ভাৰতীয় নৌসেনা যিকোনো প্ৰত্যাহ্বানৰ বাবে অধিক শক্তিশালী হৈ পৰিব।

NKTV Digital
Author: NKTV Digital

539 COMMENTS

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...