ডায়েট ডিব্ৰুগড়ত ফটোগ্রাফীৰ কৰ্মশালা, ফটোগ্রাফীত কেৰিয়াৰৰ পৰিসৰ সম্পর্কে আলোচনা

ডিব্ৰুগড় জিলা শিক্ষা আৰু প্রশিক্ষণ প্রতিষ্ঠানত (ডায়েট) ২২ মাৰ্চত এখন ফটোগ্রাফীৰ কর্মশালা অনুষ্ঠিত হয়। প্রশিক্ষার্থীসকলক ফটোগ্রাফীৰ মৌলিক দিশসমূহৰ লগত চিনাকি কৰোৱা, কেৰিয়াৰৰ পৰিসৰ সম্পৰ্কে অৱগত কৰোৱা তথা ব্যৱহাৰিক জ্ঞান দিয়াৰ উদ্দেশ্যে ‘Unlocking Creativity: Exploring Photography Techniques and Tips’ শীর্ষক ফটোগ্রাফী কর্মশালাখন অনুষ্ঠিত হৈছিল।

উক্ত কর্মশালাত সমল ব্যক্তিৰূপে উপস্থিত থাকে বিশিষ্ট আলোকচিত্র শিল্পী তথা দ্য ফটোগ্রাফী ক্লাব অৱ আছামৰ প্ৰতিষ্ঠাপক সভাপতি দেবাশিস গগৈ। ডি.এল.এড তৃতীয় ষান্মাসিকৰ প্ৰশিক্ষাৰ্থী প্ৰাৰ্চী বৰপাত্ৰ গোহাঁয়ে আঁত ধৰা কর্মশালাখনত শতাধিক প্রশিক্ষার্থীয়ে অংশগ্রহণ কৰে।

২ ঘণ্টা জুৰি চলা কর্মশালাখনত ফটো তোলাৰ বিভিন্ন নীতি-নিয়ম, কেমেৰা, লেন্সৰ প্ৰকাৰ, ফটোগ্রাফীত কেৰিয়াৰৰ পৰিসৰ আদি সম্পর্কে বিস্তাৰিতভাৱে আলোচনা কৰা হয়। কর্মশালাখনত প্রতিষ্ঠানৰ প্রবক্তা স্বৰাজ ফুকন, ৰঞ্জন বৰা আৰু সৰল কুমাৰ দাস উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...

LPGৰ ঠাই ল’ব নেকি ইথানলে? ইয়াক পানীৰ সৈতে মিহলি কৰাৰ আঁৰৰ যুক্তি কি?

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ইথানল ভিত্তিক ষ্ট’ভ প্ৰযুক্তিৰ...

এটা আমৰ বাবে ১৫ৰ পৰা ১৮ হাজাৰ টকাৰ নিবিদা…

আমক লৈ চৰ্চিত হৈ পৰিছে এখন বিশেষ ঠাই। জাপানৰ...

এজন অধিবক্তা কেতিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হয়?

ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ৰ...