ডায়েট ডিব্ৰুগড়ত ফটোগ্রাফীৰ কৰ্মশালা, ফটোগ্রাফীত কেৰিয়াৰৰ পৰিসৰ সম্পর্কে আলোচনা

ডিব্ৰুগড় জিলা শিক্ষা আৰু প্রশিক্ষণ প্রতিষ্ঠানত (ডায়েট) ২২ মাৰ্চত এখন ফটোগ্রাফীৰ কর্মশালা অনুষ্ঠিত হয়। প্রশিক্ষার্থীসকলক ফটোগ্রাফীৰ মৌলিক দিশসমূহৰ লগত চিনাকি কৰোৱা, কেৰিয়াৰৰ পৰিসৰ সম্পৰ্কে অৱগত কৰোৱা তথা ব্যৱহাৰিক জ্ঞান দিয়াৰ উদ্দেশ্যে ‘Unlocking Creativity: Exploring Photography Techniques and Tips’ শীর্ষক ফটোগ্রাফী কর্মশালাখন অনুষ্ঠিত হৈছিল।

উক্ত কর্মশালাত সমল ব্যক্তিৰূপে উপস্থিত থাকে বিশিষ্ট আলোকচিত্র শিল্পী তথা দ্য ফটোগ্রাফী ক্লাব অৱ আছামৰ প্ৰতিষ্ঠাপক সভাপতি দেবাশিস গগৈ। ডি.এল.এড তৃতীয় ষান্মাসিকৰ প্ৰশিক্ষাৰ্থী প্ৰাৰ্চী বৰপাত্ৰ গোহাঁয়ে আঁত ধৰা কর্মশালাখনত শতাধিক প্রশিক্ষার্থীয়ে অংশগ্রহণ কৰে।

২ ঘণ্টা জুৰি চলা কর্মশালাখনত ফটো তোলাৰ বিভিন্ন নীতি-নিয়ম, কেমেৰা, লেন্সৰ প্ৰকাৰ, ফটোগ্রাফীত কেৰিয়াৰৰ পৰিসৰ আদি সম্পর্কে বিস্তাৰিতভাৱে আলোচনা কৰা হয়। কর্মশালাখনত প্রতিষ্ঠানৰ প্রবক্তা স্বৰাজ ফুকন, ৰঞ্জন বৰা আৰু সৰল কুমাৰ দাস উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...