গোলাঘাট উপস্থিত কাজিৰঙা সমষ্টিৰ ECIৰ ব্যয় পৰ্যবেক্ষক

২০ মাৰ্চত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ১০ নং কাজিৰঙা সমষ্টিত ব্যয় পৰ্য্যবেক্ষক ( Expenditure Observer) লক্ষ্মণ সিং গুৰজাৰ, আই. আৰ. এচ. ( Laxman Singh Gurjar, IRS) গোলাঘাট নিৰ্বাচনী জিলাত উপস্থিত হয়। ২১ মাৰ্চত ব্যয় পৰ্য্যবেক্ষক গৰাকীয়ে গোলাঘাট নিৰ্বাচনী জিলাৰ নিৰ্দিষ্ট নিৰ্বাচনী কোষ সমূহ পৰিদৰ্শন কৰে আৰু জিলা নিৰ্বাচনী বিষয়া আৰু অন্যান্য সংশ্লিষ্ট বিষয়া সমূহৰ লগত আলোচনাত মিলিত হয়। তেখেতে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো নিকা, স্বচ্ছ আৰু সুচাৰু ৰূপে চলাবৰ বাবে আহ্বান জনায় আৰু এই ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰে।

নিৰ্বাচন সম্বন্ধীয় যিকোনো তথ্যৰ বাবে তলত উল্লেখ কৰা নম্বৰত ৰাইজে যোগাযোগ কৰিব পাৰিব।

ব্যয় পৰ্য্যবেক্ষকৰ কাৰ্য্যালয়, আৱৰ্ত ভৱন, গোলাঘাট
দুৰভাষঃ ৯১০১১২১৬৭১

নিয়ন্ত্ৰণ কক্ষঃ ০৩৭৭৪২৮৩২৮২

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কাব্যৰ পৃথিৱীত সুকীয়া সুৰ! আজি কাব্যঋষি নীলমণি ফুকনৰ জন্মদিন

'এতিয়া আৰু কোনো শব্দ নাইমাথোঁ নিৰৱতা...' নিৰৱতাৰ মাজতো যিগৰাকী কবিৰ...

জীৱনেই হওক প্ৰথম পছন্দ! আজি বিশ্ব আ/ত্ম/হ/ত্যা প্ৰতিৰোধ দিৱস

প্ৰতি বছৰে ১০ ছেপ্টেম্বৰত বিশ্ব আ/ত্ম//হ/ত্যা প্ৰতিৰোধ দিৱস পালন...

Appleৰ নতুন চমক! মুকলি iPhone 18 Pro আৰু Pro Max

বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান Apple-এ ৯ ছেপ্টেম্বৰত মুকলি কৰিলে...

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা। ট্ৰেণ্ডৰ দৌৰত ৰাজনৈতিক...