চেন্নাই ছুপাৰ কিংছক নতুন দিগন্ত দিবলৈ সাজু ৰুতুৰাজ

CSKত অন্ত পৰিল এম এছ ধোনীৰ যুগ
চেন্নাই ছুপাৰ কিংছক নতুন দিগন্ত দিবলৈ সাজু ৰুতুৰাজ
নতুন অধিনায়ক ৰূপে চেন্নাইক নেতৃত্ব দিব ৰুতুৰাজ গায়কোৱাডে

চেন্নাই ছুপাৰ কিংছ মানেই ধোনী, ধোনী মানেই যেন চেন্নাই ছুপাৰ কিংছ। IPLৰ আৰম্ভণিৰ পৰাই চেন্নাই ছুপাৰ কিংছৰ সকলো জয়-পৰাজয়ৰ, ঘাট প্ৰতিঘাটৰ লগত জৰিত আছে এম এছ ধোনী। প্ৰায় ১৬টা ছিজন চেন্নাই ছুপাৰ কিংছ নেতৃত্ব দি আহিছিল কেপ্টেইন COOLয়ে। কিন্তু এতিয়া সময় হ’ল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছতেই এম এছ ধোনীয়ে আৰু কিমান বছৰ CSK নেতৃত্ব দি যাব তাকেই লৈ চলি আছিল চৰ্চা। ২০২৫ত অনুষ্ঠিত হ’ব IPLৰ মেগা নিলাম। আগন্তক ৫ বছৰৰ লক্ষ্য লৈ দলসমূহে মেগা নিলাম ক্ৰয় কৰিব খেলুৱৈ। সেই লক্ষ্যৰে গায়কোৱাডক নতুন অধিনায়কৰূপে দায়িত্ব অৰ্পন কৰিছে চেন্নাইৰ মেনেজমেণ্টে।

ৰুতুৰাজ গায়কোৱাডে বৰ্তমানলৈ CSKৰ বাবে খেলিছে ৫২খন মেচ
৫২খন মেচত গায়কোৱাডে অৰ্জন কৰিছে ১,৭৯৭ ৰান
১টা শতক আৰু ১৪টা অৰ্ধ-শতকো অৰ্জন কৰিছে ৰুতুৰাজে

ইপিনে, এম ধোনীৰ CSK আৰু IPLলৈ অধিনায়কৰূপে আগবঢ়োৱা অৱদানো আছিল গুৰুত্বপূৰ্ণ। ধোনীৰ নেতৃত্বত

৫ বাৰকৈ IPLৰ খিতাপ দখল কৰিছে চেন্নাইয়ে
CSKৰ বাবে IPLত ধোনীয়ে খেলিছে ২৫০খনকৈ মেচ
IPLত ধোনীয়ে চেন্নাইৰ বাবে অৰ্জন কৰিছে ৫ হাজাৰৰো অধিক ৰান

কিন্তু এতিয়া যেন সকলো অতীত। অধিনায়কত্বৰ নতুন দিগন্ত লৈ ধোনীৰ পিছত ২২ গজৰ যুঁজত নামিবলৈ সাজু হৈছে ৰুতুৰাজ। প্ৰথম মহাৰণত শুকুৰবাৰে সমুখ সমৰত থাকিব শক্তিশালী RCB। কোহলি, মেক্সৱেল, ফাফ ডু প্লেচিছ দৰে চমকপ্ৰদ খেলুৱৈৰ আগত চলিব নে ৰুতুৰাজ আৰু CSKৰ যাদু। অপেক্ষাত ক্ৰিকেট অনুৰাগী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...