তামিলনাডুলৈ গ’লে আপুনিও চাওক এইসমূহ ঠাই

আপুনিও বাৰু পাহাৰীয়া ঠাইলৈ ফুৰিবলৈ গৈ ভাল পায় নেকি? আজিৰ এই ব্যস্ততাৰ যুগত বহুতেই যান্ত্ৰিকতাৰ পৰা আঁতৰি নিৰলে অলপ প্ৰাকৃতিক পৰিৱেশৰ মাজত সময় কটাব বিচাৰে। আপুনিও বাৰু তেনে এখন ঠাই বিচাৰি আছে নেকি? ভাৰতত এনে বহু ৰাজ্য আছে যিসমূহ ঠাই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা। উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক শোভাৰে সমৃদ্ধ তেনে কেইবাখনো আকৰ্ষণীয় ৰাজ্যৰ লগতে ভাৰতৰ তেনে এখন বিখ্যাত ৰাজ্য হ’ল তামিলনাডু, যিখন ৰাজ্যৰ আকৰ্ষণীয় পাহাৰীয়া ঠাইৰ মনোমোহা সৌন্দৰ্য্যই মুগ্ধ কৰে দেশ-বিদেশৰ লক্ষ লক্ষ পৰ্যটকক। এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনালোকক তামিলনাডুৰ তেনে কেইখনমান ধুনীয়া ঠাইৰ বিষয়ে জনাম।

উটি : উটি হ’ল তামিলনাডুৰ এনে এক ধুনীয়া পাহাৰীয়া ঠাই যি ঠাইৰ সেউজীয়া পাহাৰ আৰু ঘন অৰণ্যই অভিভূত কৰে প্ৰকৃতিপ্ৰেমীসকলক। গ্ৰীষ্ম ঋতুত ইয়াৰ শীতল বতাহে সতেজতা প্ৰদান কৰে পৰ্যটকসকলক। উটিৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ হ’ল হ্ৰদ আৰু জলপ্ৰপাতসমূহ। প্ৰাকৃতিকভাৱে অত্যন্ত চহকী এই ঠাইত পৰ্যটকসকলে ট্ৰেকিং, কেম্পিং, নৌকা বিহাৰ আদিৰ লগতে উপভোগ কৰিব পাৰে বহু দুঃসাহসিক ক্ৰীড়া।

কোডাইকানাল : এই পাহাৰীয়া ঠাইখনো ইয়াৰ অনন্য প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে সমগ্ৰ বিশ্ববিখ্যাত। সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৭০০০ ফুট উচ্চতাত অৱস্থিত এই ঠাইখনৰ ঘন অৰণ্য, সেউজীয়াৰে ভৰা উপত্যকা আৰু পাহাৰৰ শৃংগৰ এক আচৰিত দৃশ্যয়ো মন্ত্ৰমুগ্ধ কৰে সকলোকে।

য়ৰক’ড : য়ৰক’ড হ’ল তামিলনাডুৰ চেলেম জিলাত অৱস্থিত এক আকৰ্ষণীয় পাহাৰীয়া ঠাই। এই ঠাইখনো ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে বিশ্ববিখ্যাত। ইয়াৰক’ডৰ ঘন সেউজীয়া অৰণ্য, সেউজীয়া উপত্যকা ,পৰ্বতমালাৰ লগতে জলপ্ৰপাত সমূহৰ মোহনীয় শোভাই যেন সদায়েই হাতবাউলী মাতে সমগ্ৰ বিশ্বৰ পৰ্যটকসকলক

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...