সংগীত জগত উদাস কৰি গুচি গ’ল পংকজ উধাচ

ভাৰতীয় সংগীতজগতৰ উজ্বল নক্ষত্ৰ পংকজ উধাচৰ মৃত্যু। ৭২ বছৰ বয়সত মুম্বাইৰ ব্ৰীজকেণ্ডী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীজনে। দিনৰ ১১ বজাত চিকিৎসকে শিল্পীজনৰ মৃত্যুৰ কথা ঘোষণা কৰে। বিশিষ্ট সংগীত শিল্পীজনৰ মৃত্যুৱে শোকস্তব্ধ কৰি বলীউড।

সুললিত কণ্ঠ এৰি কায়িক গজল শিল্পীৰ বিদায়
৭২ বছৰত চিৰ নিদ্ৰাত বলীউডৰ গজল শিল্পীৰ

দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ভাৰতীয় সংগীত জগতক উদাস কৰি গুছি গ’ল পংকজ উধাচ। খালী হৈ গ’ল ভাৰতীয় সংগীতৰ এখন বিশেষ আসন। এলবাম, অনুষ্ঠান, চিনেমা সকলোতেই অনবদ্য বৰঙণি পংকজ উধাচৰ। সুন্দৰ হাঁহিটোৰে কোনোবা মঞ্চত নতুবা চিনেমাৰ পৰ্দাত জিলিকি উঠা পংকজ উধাচ এতিয়া শেষ শয়নত।

১৯৫১ চনৰ ১৭ মে’ত গুজৰাটৰ জেটপুৰত জন্ম হৈছিল শিল্পীজনৰ
ৰাজকোটৰ সংগীত একাডেমীত আৰম্ভ হৈছিল সংগীত শিক্ষা
গোলাম কাদিৰ খানৰ কাষত লৈছিল সংগীতৰ প্ৰশিক্ষণ

শিশু অৱস্থাৰ পৰা আকৰ্ষণীয় ভংগীমাৰে সংগীত পৰিৱেশন কৰি অজস্ৰজনক মুগ্ধ কৰিছিল পংকজ উধাচে। ‘হম তুম ওউৰ ওহ’ ছবিৰে আৰম্ভ হৈছিল চিনেমাত সংগীতৰ যাত্ৰা। তাৰ পিছতে এফালৰ পৰা গাই গৈছিল ‘চান্দী জেইচা ৰংগ হে তেৰা’, ‘না কাজৰে কী ধাৰ’, ‘আহিস্তা আহিস্তা’, ‘থৰী থৰী প্যাৰ কৰো’, ‘নিকলো না বেনকাব’ আদি অতি জনপ্ৰিয় গীত।

‘নচা’, ‘পয়মানা’, ‘হছৰত’, ‘হম চফৰ’ আদি
‘চিঠি আয়ি হে’ গীতেৰে জনপ্ৰিয়তা শীৰ্ষত উঠে

চাজন ছবিৰ ‘জিয়ে তু জিয়ে’ গীত কেৰিয়াৰৰ অন্যতম হিট ছং হিচাপে পৰিগণিত হয়। দেশৰ লগতে বিদেশতো সংগীতেৰে মুগ্ধ কৰিছিল দৰ্শক-স্ৰোতাক। এইজন মহান শিল্পীক ২০০৬ চনত প্ৰদান কৰা হয় পদ্মশ্ৰী। এইজন শিল্পীক হেৰুৱাই চনু নিগমে প্ৰকাশ কৰিছে আমাৰ শৈশৱৰ এটা অধ্যায়ৰ নামেই আছিল পংকজ উধাচ। তেওঁক হেৰুৱালো। আজীৱন মিচ কৰিম তোমাক। সকলো সংগীত প্ৰেমীৰ একেই অনুভৱ। ‘জিয়ে তু জিয়ে কেচে বিন আপকি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা। ট্ৰেণ্ডৰ দৌৰত ৰাজনৈতিক...

মানৱ মলৰ পৰা ‘পুপক্ৰিট’! বহনক্ষম কংক্ৰিট নিৰ্মাণত ভাৰতীয় গৱেষকৰ অভিনৱ সাফল্য

কংক্ৰিটক আধুনিক সভ্যতাৰ অন্যতম মূল ভেটি বুলি ক’লেও ভুল...

মানৱতাক লজ্জানত কৰা কাণ্ড! পৰুৱাৰ মাজত উদ্ধাৰ নৱজাতক

বকলীয়াঘাটত সংঘটিত হৈছে এক অমানৱীয় আৰু হৃদয়বিদাৰক ঘটনা। বকলীয়াঘাটৰ...