১০ ফেব্ৰুৱাৰীৰ নাগৰিক সভাত গঠিত ২১ জনীয়া তদন্ত কমিটীয়েই তদন্ত কৰিব বটদ্ৰৱা থানৰ বিত্তীয় খেলিমেলিৰ। থান পৰিচালনা সমিতিৰ কৰ্ম-কাণ্ডই ইতিমধ্যেই শেষ কৰি পেলাইছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গৰিমা। প্ৰথমে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সম্পাদকৰ বিৰুদ্ধে ধন লুণ্ঠনৰ অভিযোগ। তাৰ পিছত সোমবাৰে পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত তয়াময়া ৰণ। দৃষ্টিকটু কাজিয়াৰ সাক্ষী হ’ল থানলৈ অহা তীৰ্থযাত্ৰী। সাংবাদিকৰ কেমেৰা দেখি দুৱাৰ মাৰি কোঠাৰ ভিতৰত দুৰ্বাদল কাজিয়া পৰিচালনা সমিতিৰ।
গুৰুজনাৰ গৰিমাত কালিমা
থান পৰিচালনা সমিতিৰ কাণ্ডত লজ্জানত বটদ্ৰৱাবাসী
গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত এয়া কিহৰ দৃশ্য?
কোঠাৰ ভিতৰত আঙুলি টোঁৱাই চিঞৰি চিঞৰি তৰ্ক একাংশ ভকত-বৈষ্ণৱৰ। বাহিৰলৈ স্পষ্টকৈ শুনা গৈছে অমাৰ্জিত ভাষাৰ চিঞৰ বাখৰ। সাংবাদিকৰ কেমেৰাত বন্দী হৈছে সকলো দৃশ্য। এটা সময়ত পৰ্দাখন টানি দিয়া হ’ল। মাৰি দিয়া হ’ল কোঠাৰ দুৱাৰ। তাৰ পিছত বন্ধ কোঠাৰ ভিতৰত আৰম্ভ হ’ল তয়াময়া ৰণ।
বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহক সভা আছিল দেওবাৰে
সভাৰ মাজতেই ধন লুণ্ঠনৰ অভিযোগক লৈ তৰ্কযুদ্ধ
খবৰ অনুসৰি বন্ধ কোঠাৰ ভিতৰত হতাহতিও হ’ল। থানলৈ অহা তীৰ্থ যাত্ৰীৰ সন্মুখতে এই লজ্জাজনক কাণ্ড পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ। গুৰুজনাৰ জন্মস্থানৰ বটদ্ৰৱা থানত থান পৰিচালনা সমিতিৰ এই কৰ্মকাণ্ড দেখি জাঙুৰ খাই উঠিল স্থানীয় ৰাইজ।
বিগত বহুদিন ধৰি বটদ্ৰৱা থানৰ পৰিচালনা সমিতিৰ একাংশ সদস্য আৰু সম্পাদকৰ বিৰুদ্ধে উত্থাপিত হৈছিল বিত্তীয় খেলিমেলিৰ অভিযোগ। বটদ্ৰৱা থানৰ ১৫০ তোলা সোণক লৈ অথন্তৰ। এমাহমান পূৰ্বে থানৰ ১৫০ তোলা সোণ হৰলুকিৰ অভিযোগ উঠিছিল। কেৱল সিমানেই নহয়, থানৰ মগু মাহ আৰু বুট মাহক লৈও উত্থাপিত হৈছিল বিত্তীয় খেলিমেলিৰ অভিযোগ। দেওবাৰে কাৰ্যনিৰ্বাহক সভাৰ মাজতে অভিযুক্ত সম্পাদক অৰূপ শইকীয়াক জবাবদিহি কৰিলে একাংশ ভকত-বৈষ্ণবে। গুৰুজনাৰ গৰিমাত কলিমা সানি বটদ্ৰৱা থানকে কলংকিত কৰা লুণ্ঠনকাৰীৰ বিৰুদ্ধে বটদ্ৰৱাৰ ঠায়ে ঠায়ে স্থানীয় ৰাইজে আঁৰিলে পোষ্টাৰ।
দেওবাৰে থান পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত সৃষ্টি হোৱা এই পৰিস্থিতিৰ পিছত সোমবাৰলৈ উত্তপ্ত হৈ থাকিল থানৰ পৰিবেশ। অনাকাংক্ষিত ঘটনাক লৈ তদন্তৰ দাবীৰে জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান বটদ্ৰৱাৰ স্থানীয় ৰাইজৰ। মন কৰিব লগীয়া যে বিগত ১০ ফেব্ৰুৱাৰীত বটদ্ৰৱা থানৰ এই আভ্যন্তৰীণ কন্দলক লৈ গঠন কৰা হৈছিল এখন ২১ জনীয়া তদন্ত কমিটী। শেহতীয়া সিদ্ধান্ত অনুসৰি এই তদন্ত কমিটীয়েই তদন্ত কৰিব থানৰ ভিতৰত উত্থাপিত অভিযোগৰ। স্থানীয় ৰাইজে তদন্ত প্ৰক্ৰিয়াত বিচাৰিছে এজন দণ্ডাধীশ পৰ্যায়ৰ বিষয়া। মুখ্যমন্ত্ৰীকো ই-মেইলযোগে স্মাৰক পত্ৰ প্ৰেৰণ বটদ্ৰৱাৰ সচেতন মহলৰ।
মুঠৰ ওপৰত বটদ্ৰৱাৰ ৰাইজ এতিয়া অতিষ্ঠ হৈছে। গুৰুজনাৰ গৰিমাত কাকিমা সানি বটদ্ৰৱা থানতে বিত্তীয় খেলিমেলি কৰা পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ কাণ্ডত লজ্জানত সকলো।
