ৰাজ্যত হাতী মৰিয়েই আছে…

ৰাজ্যত হাতী মৰিয়েই আছে
কেতিয়াবা সংঘাত, কেতিয়াবা বন বিভাগৰ বিফলতা

কিন্তু সকলোৰে মূৰকত ৰাজ্যৰ পৰিৱেশ পাৰিপাৰ্শ্বিকতালৈ বিশেষ অৱদান আগবঢ়োৱা এটা প্ৰাণীয়ে মৃত্যুক সাৱটি লোৱা কৰুণ খবৰবোৰ আমালৈ আহিয়েই আছে। এইবাৰ ঘটনাৰ স্থান লংকাৰ লস্কৰ পথাৰ। লস্কৰ পথাৰৰ ফৰমাৰপাত এঘৰ লোকৰ কুঁহিয়াৰৰ খেতিৰ মাজত অসুস্থ হৈ পৰি আছিল এটা হাতী। সেয়া শুকুৰবাৰৰ কথা। পুৱাই বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে হাতীটো। অসুস্থ হাতীটো দেখি স্থানীয় ৰাইজে খবৰ দিয়ে বন বিভাগক। ষ্টাফ নথকাৰ বাবে হেনো সন্ধিয়ালৈহে যথাস্থানত উপস্থিত হল বন বিভাগৰ লোক। কিন্তু প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰাৰ পূৰ্বেই শনিবাৰলৈ কৰুণ মৃত্যুক সাৱটি লগা হল হাতীটোৱে।

কিন্তু বনৰীয়া হাতীটোৰ মৃত্যুক এক সাধাৰণ মৃত্যু বুলিহে মন্তব্য প্ৰদান কৰে বিভাগীয় কৰ্তৃপক্ষই।

বন বিভাগৰ অমনোযোগিতাৰ বাবেই এনে হ’ল নেকি?
প্ৰয়োজনীয় চিকিত্সা পোৱা হ’লে হাতীটো বাছি নাথাকিলহেঁতেননে?

ইয়াৰ উত্তৰ যিয়ে নহওক। আমি পূৰ্বতেই কোৱাৰ দৰে এজনে আনজনলৈ দোষ ঠেলি থকাৰ মাজতে এটা হাতী পুনৰ মৰিল। ইতিমধ্যে হাতীটোৰ মৃত্যুৰ কাৰণ জানিবৰ বাবে চেম্পল ফৰেনছিকলৈ পঠোৱাৰ ব্যৱস্থা কৰাৰ লগতে সৎকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিভাগীয় কৰ্তৃপক্ষই। কিন্তু মূল কথাটো হল মৃত্যুৰ কাৰণ জানিলেও এই নিষ্পাপ জীৱটো আৰু কেতিয়াও উভটি নাহে!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...