চুলি সৰাৰ সমস্যা আছে নেকি? অৱলম্বন কৰক এইসমূহ উপায়

জীৱনত সকলোৱে সন্মুখীন হোৱা এটা সমস্যা হৈছে চুলি সৰা সমস্যা। চুলি সৰাটো এক সাধাৰণ সমস্যা। কিন্তু আপুনি বাৰু জানেনে চুলি কিয় সৰে? চুলি সৰাৰ প্ৰথম কাৰণ হৈছে চুলিৰ যত্ন কমকৈ লোৱা, কেৱল সেয়াই নহয় ইয়াৰ আন বহুতো কাৰক থাকিব পাৰে। বহুলোকে চুলি সৰা প্ৰতিহত কৰিবলৈ ঘৰুৱা প্ৰতিকাৰ বিচাৰে। চুলিৰ যত্নৰ বাবে মানুহে সহজতে ল’ব পৰা কিছুমান ঘৰুৱা উপকৰণ জানো আহকচোন।

চুলি সৰা প্ৰতিহত কৰক এইসমূহ উপায়েৰে

১. চুলিত লগাওক এইসমূহ সামগ্ৰী : কেঁহৰাজ বা ৰঙা জবাফুলৰ ৫/৬টা পাত খুন্দি মূৰত প্ৰায় আধা ঘণ্টা সময় প্ৰলেপ দি ৰাখিব লাগে

২. চুলিত নলগাব এইসমূহ সামগ্ৰী : পৰাপক্ষত মূৰত চাবোন ব্যৱহাৰ কৰিব নালাগে। বজাৰত সহজতে পোৱা যিকোনো উগ্ৰ গোন্ধযুক্ত তেল ব্যৱহাৰ কৰিব নালাগে

৩. পৰ্যাপ্ত টোপনি লওঁক : টোপনি কম হ’লে চুলি সৰা প্ৰায়ে আৰম্ভ হয়। সকলোৱে কমেও ৬ৰ পৰা ৮ ঘণ্টা গভীৰ নিদ্ৰা লোৱাৰ চেষ্টা কৰিব লাগে। ই চুলি স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে।

৪. আপোনাৰ আহাৰৰ প্ৰতি মনোযোগ দিয়ক : আহাৰে চুলিৰ বিকাশ বৃদ্ধি কৰাত সহায় কৰে আৰু চুলি সৰা বা কমি যোৱা প্ৰতিহত কৰাতো সহায় কৰে। আহাৰত সকলো পুষ্টি যেনে দৈনিক প্ৰয়োজন হোৱা প্ৰ’টিন, লো আৰু জিংকৰ পৰিমাণ অন্তৰ্ভুক্ত কৰিব।

৫. গৰম পানীৰে চুলি নুধুব : অত্যাধিক গৰম পানীৰে চুলি ধুব নালাগে। লগতে, চুলি প্ৰতিদিনে ব্ল ড্ৰাই দি শুকোৱাব নালাগে, যিমান বেছি চুলিত গৰম ভাপ দিব সিমানে দ্ৰুত গতিত চুলি বেয়া হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...