প্ৰেম প্ৰত্যাখান কৰাৰ বাবেই কলিয়াবৰত ভয়ংকৰ ঘটনা

কলিয়াবৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। প্ৰেম প্ৰত্যাখান কৰাৰ বাবেই যুৱতী-পিতৃ-মাতৃক ছুৰীকাঘাত যুৱকৰ। কলিয়াবৰ মহকুমাৰ পূৱ-শোৱালনীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। আমবাগান কোলিডুঙাৰ ৰাজীৱ দাসৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ। ৰাজীৱৰ প্ৰেমৰ প্ৰস্তাৱ বাৰে বাৰে প্ৰত‍্যাখান কৰি আহিছিল যুৱতীয়ে। পুনৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত‍্যাখান কৰাৰ পাছত নিশা প্ৰায় ৯-৩০ মান বজাত ৰাজীৱ দাসে হাতত ছুৰী লৈ যুৱতীগৰাকীৰ ঘৰলৈ গৈ যুৱতীগৰাকীৰ লগতে পিতৃ-মাতৃক আক্ৰমণ কৰে। ছুৰীকাঘাতত গুৰুতৰভাৱে আহত হয় তিনিওজন। আহত যুৱতী-পিতৃ-মাতৃক জখলাবন্ধাস্থিত মহকুমা চিভিল হাস্পতালত প্ৰাথমিক চিকিৎসা কৰোৱা হয়। পিছত উন্নত চিকিৎসাৰ বাবে তিনিওকে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। বৰ্তমান পলাতক অৱস্থাত আছে ৰাজীৱ দাস।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...