জীৱন উদযাপনৰ শিৰোনাম প্ৰেম, আৰু আজি সেই প্ৰেমকেই উদযাপন কৰাৰ দিন

গুণগুণ কথাবোৰ আজি সুৰ হৈ বাজিছে
‘আজিৰে পৰা তুমি মোৰ, মই তোমাৰ’

কথাবোৰ আৰম্ভ হয় তেনেকৈয়ে, অচিনাকী মানুহবোৰ এদিন চিনাকী হৈ পৰে। তেনেকৈয়ে আৰম্ভ হয় এটা সম্পৰ্কৰ। যাৰ নাম প্ৰেম। প্ৰেম জীৱনৰ এক স্বৰ্গীয় অনুভৃতি। জীৱন উদযাপনৰ শিৰোনাম প্ৰেম। আৰু আজি সেই প্ৰেমকেই উদযাপন কৰাৰ দিন

আজি ১৪ ফেব্ৰুৱাৰী, ভেলেণ্টাইন ডে
ৰঙা গোলাপৰ মাজত লুকাই থকা অনুভৱবোৰ প্ৰকাশৰ দিন

অতীজৰে পৰা এই প্ৰেমক লৈ হাজাৰজনৰ হাজাৰ বিশ্লেষণ। কিন্তু সকলোৰে উৰ্ধত, সকলোৰে পৰা দূৰত এই প্ৰেম-ভালপোৱা। আজি সেই ভালপোৱাৰে দিন।

অনুভৱৰ অন্য এক নাম ভালপোৱা
বুকুৰ মাজত শিহৰণ তোলা এক অনুভৱ ভালপোৱা

চাৰিওফালে যেন কেৱল প্ৰেম আৰু প্ৰেম। এই বিশেষ দিনটোতে প্ৰেমৰ বতৰা লৈ আকৌ আহিল ফাগুণ। বাউলী ফাগুণে ৰঙীন কৰিছেহি চাৰিওফাল। ফুলি উঠিছে মদাৰ-শিমলু। ভেলেণ্টাইন ডেক লৈ সকলোৰে সপোন। ভালপোৱাজনক ক’ব মনৰ কথা। হাতত গুজি দিব এপাহ ৰঙা গোলাপ। ল’ব জীৱনে-মৰণে একেলগে থকাৰ সিদ্ধান্ত। আজি আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে সকলোৱে পালন কৰিছে ভালপোৱাৰ দিন। ৰঙা গোলপেৰে ভৰি পৰিছে মহানগৰীৰ বজাৰ। আনফালে বিপনীসমূহতো উপলব্ধ হৈছে উপহাৰৰ সকলো সামগ্ৰী। আজি হয়তো সকলোৰে এটাই আশা তেওঁলোকৰ প্ৰেমবোৰৰ জিলিকি থাকক সদায়। প্ৰেমৰ এই বিশেষ দিনটোত আমাৰো সেয়াই কামনা।

NKTV Digital
Author: NKTV Digital

514 COMMENTS

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...