জীৱন উদযাপনৰ শিৰোনাম প্ৰেম, আৰু আজি সেই প্ৰেমকেই উদযাপন কৰাৰ দিন

গুণগুণ কথাবোৰ আজি সুৰ হৈ বাজিছে
‘আজিৰে পৰা তুমি মোৰ, মই তোমাৰ’

কথাবোৰ আৰম্ভ হয় তেনেকৈয়ে, অচিনাকী মানুহবোৰ এদিন চিনাকী হৈ পৰে। তেনেকৈয়ে আৰম্ভ হয় এটা সম্পৰ্কৰ। যাৰ নাম প্ৰেম। প্ৰেম জীৱনৰ এক স্বৰ্গীয় অনুভৃতি। জীৱন উদযাপনৰ শিৰোনাম প্ৰেম। আৰু আজি সেই প্ৰেমকেই উদযাপন কৰাৰ দিন

আজি ১৪ ফেব্ৰুৱাৰী, ভেলেণ্টাইন ডে
ৰঙা গোলাপৰ মাজত লুকাই থকা অনুভৱবোৰ প্ৰকাশৰ দিন

অতীজৰে পৰা এই প্ৰেমক লৈ হাজাৰজনৰ হাজাৰ বিশ্লেষণ। কিন্তু সকলোৰে উৰ্ধত, সকলোৰে পৰা দূৰত এই প্ৰেম-ভালপোৱা। আজি সেই ভালপোৱাৰে দিন।

অনুভৱৰ অন্য এক নাম ভালপোৱা
বুকুৰ মাজত শিহৰণ তোলা এক অনুভৱ ভালপোৱা

চাৰিওফালে যেন কেৱল প্ৰেম আৰু প্ৰেম। এই বিশেষ দিনটোতে প্ৰেমৰ বতৰা লৈ আকৌ আহিল ফাগুণ। বাউলী ফাগুণে ৰঙীন কৰিছেহি চাৰিওফাল। ফুলি উঠিছে মদাৰ-শিমলু। ভেলেণ্টাইন ডেক লৈ সকলোৰে সপোন। ভালপোৱাজনক ক’ব মনৰ কথা। হাতত গুজি দিব এপাহ ৰঙা গোলাপ। ল’ব জীৱনে-মৰণে একেলগে থকাৰ সিদ্ধান্ত। আজি আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে সকলোৱে পালন কৰিছে ভালপোৱাৰ দিন। ৰঙা গোলপেৰে ভৰি পৰিছে মহানগৰীৰ বজাৰ। আনফালে বিপনীসমূহতো উপলব্ধ হৈছে উপহাৰৰ সকলো সামগ্ৰী। আজি হয়তো সকলোৰে এটাই আশা তেওঁলোকৰ প্ৰেমবোৰৰ জিলিকি থাকক সদায়। প্ৰেমৰ এই বিশেষ দিনটোত আমাৰো সেয়াই কামনা।

NKTV Digital
Author: NKTV Digital

514 COMMENTS

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...