জ্ঞানবাপী মছজিদৰ ছীল কৰা বেছমেণ্টত পূজা কৰিব পাৰিব হিন্দুসকলে

উত্তৰ প্ৰদেশৰ বাৰানসীৰ জ্ঞানবাপী মছজিদৰ ছীল কৰা বেছমেণ্টত পূজা কৰিব পাৰিব হিন্দুসকলে। বুধবাৰে এই ৰায় দিয়ে বাৰানসীৰ আদালতে। আদালতৰ ৰায়ত উল্লেখ কৰা মতে জ্ঞানবাপী মছজিদৰ তলৰ মহলাৰ ইতিমধ্যে ছীল কৰা অংশ ‘ব্যাস কা তেহখানা’ত পূজা দিব পাৰিব হিন্দু ভক্তসকলে। ভক্তসকলৰ পূজা–অৰ্চনাৰ বাবে তলৰ মহলাত যাৱতীয় ব্যৱস্থা কৰিবলৈও ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে জিলা প্ৰশাসনক।

কাশী বিশ্বনাথ মন্দিৰ ট্ৰাষ্টক জ্ঞানবাপী মছজিদত পূজাৰ বাবে এজন পূজাৰী নিৰ্ধাৰণ কৰাৰো পৰামৰ্শ দিয়া হৈছে। আদালতে অহা ৭ দিনৰ ভিতৰত বেৰিকেড আঁতৰাই পূজাৰ স্থানত যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। হিন্দু পক্ষৰ অধিবক্তাই প্ৰকাশ কৰা মতে আৰ্কিঅ’লজিকেল ছাৰ্ভে অব ইণ্ডিয়াৰ বৈজ্ঞানিক সমীক্ষা অনুসৰি জ্ঞানবাপী মছজিদৰ তলত হিন্দু মন্দিৰৰ অস্তিত্ব পোৱা গৈছে। মন্দিৰৰ আন্তঃগাঁঠনিৰ পৰিৱৰ্তন ঘটোৱাৰ লগতে তাৰ ওপৰত প্লাষ্টৰ কৰি মছজিদ নিৰ্মাণ কৰা হৈছিল। জ্ঞানবাপী মছজিদৰ দেৱালত হিন্দু মন্দিৰৰ চিহ্নৰ লগতে ৩৪টা শিলালিপিও পোৱা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICS সন্মিলনত অংশ ল’বলৈ ভাৰতলৈ আহিব চীনা ৰাষ্ট্ৰপতি শ্বী জিনপিঙ

চীনা ৰাষ্ট্ৰপতি সকলো জল্পনা-কল্পনাৰ অন্তঃ BRICS সন্মিলনত অংশ ল’বলৈ...

৮০ৰ দশকৰ AI ফটো ট্ৰেণ্ড: এখন ফটোৰ আঁৰত খৰচ কিমান?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ নষ্টালজিয়া। AI-এ বৰ্তমানৰ ফটোলৈ আনিছে...

প্ৰথমতে ছাগলী চুৰি, তাৰ পাছত প্ৰেমিকাক পলুৱাই নিয়াৰ পৰিকল্পনা!

প্ৰেমে মানুহক কি কি নকৰাই? এইবাৰৰ ঘটনা নগাঁও জিলাৰ...