সাৱধান! আপোনাৰ লগতো ঘটিব পাৰে এনে ঘটনা

আপুনিও হওক সাৱধান! এইবাৰ চৰকাৰী হাস্পতালত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। জন্মৰ পিছতে নৱজাতক সালসলনি কৰাৰ গুৰুতৰ অভিযোগ উঠিছে এখন হাস্পতালৰ বিৰুদ্ধে। বৰপেটাৰোডৰ চৰকাৰী চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ পিছতে চিকিত্সালয়খনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। ল’ৰা সন্তানৰ ঠাইত কন্যা সন্তান সলনি কৰাৰ অভিযোগ উঠিছে হাস্পতালখনৰ বিৰুদ্ধে।
উল্লেখ্য যে মঙলবাৰে চিকিৎসালয়খনত জন্ম হৈছিল এটি সন্তান।
জন্মৰ পিছতে পৰিয়ালক ল’ৰা সন্তান বুলি জনাইছিল আশাকৰ্মীয়ে। কিন্তু তাৰ বিপৰীতে চিকিৎসালয় কৰ্তৃপক্ষই কন্যা সন্তান হোৱা বুলি জনায় পৰিয়ালক। এই ঘটনাক লৈ এতিয়া চিকিত্সালয়খনত সৃষ্টি হৈছে বিভ্ৰান্তিৰ।

আনফালে চিকিৎসালয়খনৰ অধীক্ষক ডাঃ সঞ্জীৱ সৰকাৰে জানিবলৈ দিয়ে যে মঙলবাৰে ডুমুনীৰ এগৰাকী প্ৰসূতি প্ৰসৱৰ বাবে চিকিৎসালয়খনত ভৰ্তি হয়৷ ইয়াৰ পাছতে আবেলি ৩:২১ বজাত এটি কন্যা সন্তান জন্ম দিয়ে প্ৰসূতিগৰাকীয়৷ কিন্তু আশাকৰ্মীয়ে পৰিয়ালক ল’ৰা সন্তান হোৱা বুলি ফোনযোগে অৱগত কৰে৷ অধীক্ষকগৰাকীয়ে এই সন্দৰ্ভত পৰিয়ালৰ তৰফৰ পৰা চিকিৎসালয়ত কোনো লিখিত অভিযোগ নোপোৱা বুলি সংবাদ মাধ্যমক জনায়৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICS সন্মিলনত অংশ ল’বলৈ ভাৰতলৈ আহিব চীনা ৰাষ্ট্ৰপতি শ্বী জিনপিঙ

চীনা ৰাষ্ট্ৰপতি সকলো জল্পনা-কল্পনাৰ অন্তঃ BRICS সন্মিলনত অংশ ল’বলৈ...

৮০ৰ দশকৰ AI ফটো ট্ৰেণ্ড: এখন ফটোৰ আঁৰত খৰচ কিমান?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ নষ্টালজিয়া। AI-এ বৰ্তমানৰ ফটোলৈ আনিছে...

প্ৰথমতে ছাগলী চুৰি, তাৰ পাছত প্ৰেমিকাক পলুৱাই নিয়াৰ পৰিকল্পনা!

প্ৰেমে মানুহক কি কি নকৰাই? এইবাৰৰ ঘটনা নগাঁও জিলাৰ...