সাৱধান! ৰাজ্যত পুনৰ ওলাইছে মুন্না ভাই MBBS ৰূপী চিকিৎসক

ৰাজ্যত পুনৰ ওলাইছে মুন্না ভাই MBBS। এইবাৰ কৰিমগঞ্জৰ গ্ৰামাঞ্চলত ভুৱা চিকিৎসক। পাইকাৰী ঔষধ বিক্ৰীৰ লাইচেন্সৰ জৰিয়তে ৰাইজৰ জীৱনক লৈ হেতালি। আশুতোষ ৰায় নামৰ লোক এজনৰ বিৰুদ্ধে এই অভিযোগ। কোনো ধৰণৰ চিকিৎসকৰ ডিগ্ৰী অবিহনেই দীৰ্ঘদিনে কৰি আহিছে চিকিৎসা। বোৱাৰীৰ নামত পাইকাৰী ঔষধ বিক্ৰীৰ লাইচেন্স লৈ আশুতোষ ৰায়ে চলাই গৈছে ৰোগীৰ চিকিৎসা। কৰিমগঞ্জৰ ঘোলছৰা বজাৰত চেম্বাৰ খুলি চলাই আহিছে চিকিৎসা। গাঁৱৰ সহজ সৰল লোকৰ চিকিৎসা অব্যাহত ৰাখিছে এইজন ভুৱা চিকিৎসকে। সচেতন লোকৰ অভিযোগৰ ভিত্তিত সোমবাৰে আশুতোষ ৰায়ৰ চেম্বাৰত চলিছিল সংবাদ মাধ্যমৰ ষ্ট্ৰিং অপাৰেশ্যন। কেমেৰাত বন্দী হয় ভুৱা চিকিৎসক আশুতোষ ৰায়ৰ কৰ্মকাণ্ডৰ সকলো দৃশ্য। প্ৰথমতে অভিযোগ অস্বীকাৰ কৰিছিল যদিও পিছত সকলো স্বীকাৰ কৰে আশুতোষ ৰায়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...