মহানগৰীত প্ৰেমিক যুগলে এয়া কি কৰিলে?

এইবাৰ গুৱাহাটীত প্ৰেমিক যুগলে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। মহানগৰীৰ হোম ষ্টে’ত কৰ্মচাৰীৰে সংঘাত প্ৰেমিক-প্ৰেমিকাৰ। ১০ দিনৰ বিলৰ ১৮ হাজাৰ টকা বাকী কৰিলে প্রেমিকযুগলে। পাছত হোম ষ্টে’ৰ কৰ্মচাৰীয়ে ধন বিচৰাত কৰ্মচাৰীৰে সংঘাতত লিপ্ত হয় যুৱক-যুৱতী। হোম ষ্টে’ৰ কৰ্মচাৰীৰ অভিযোগ অনুসৰি কৰ্মচাৰীৰ পৰা ৪ হাজাৰ টকা কৌশলেৰে আদায় কৰিলে যুৱক-যুৱতীয়ে। পৰৱৰ্তী সময়ত পাব লগা ধন নাপাই যুৱতীৰ মোবাইল কাঢ়ি ল’লে কৰ্মচাৰীয়ে। কৰ্মচাৰীৰে প্রেমিকযুগলৰ সৈতে হতাহতিৰ দৃশ্য বন্দী হয় CCTVত। উল্লেখ্য যে ১৭ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ হোম ষ্টে’ত আছিল যুৱক-যুৱতী। নিজকে সেনাত কৰ্মৰত বুলি ভুৱা পৰিচয় দিছিল যুৱকজনে। এই ঘটনাৰ পাছতে দিছপুৰ থানাত গোচৰ হোম ষ্টে’ কৰ্তৃপক্ষৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালৰ গৃহমন্ত্ৰী সুদান গুৰুঙে কিয় পদত্যাগ কৰিলে?

নেপালৰ গৃহমন্ত্ৰী সুদান গুৰুঙে বুধবাৰে পদত্যাগ কৰিছে। তেওঁৰ পদত্যাগৰ...

আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হ’ল কেদাৰনাথ ধামৰ দুৱাৰ

আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হ'ল কেদাৰনাথ ধামৰ...

সাৱধান! গুৱাহাটীত ওলাইছে মেখেলা পিন্ধা চোৰ

বিহুৰ বতৰত ঘৰ এৰি যোৱাৰ পূৰ্বে এশবাৰ ভাবক। গুৱাহাটীত...

বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ৬

শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশৰ হাপুৰ। বিবাহযাত্ৰীৰ বাছ...