মহানগৰীত প্ৰেমিক যুগলে এয়া কি কৰিলে?

এইবাৰ গুৱাহাটীত প্ৰেমিক যুগলে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। মহানগৰীৰ হোম ষ্টে’ত কৰ্মচাৰীৰে সংঘাত প্ৰেমিক-প্ৰেমিকাৰ। ১০ দিনৰ বিলৰ ১৮ হাজাৰ টকা বাকী কৰিলে প্রেমিকযুগলে। পাছত হোম ষ্টে’ৰ কৰ্মচাৰীয়ে ধন বিচৰাত কৰ্মচাৰীৰে সংঘাতত লিপ্ত হয় যুৱক-যুৱতী। হোম ষ্টে’ৰ কৰ্মচাৰীৰ অভিযোগ অনুসৰি কৰ্মচাৰীৰ পৰা ৪ হাজাৰ টকা কৌশলেৰে আদায় কৰিলে যুৱক-যুৱতীয়ে। পৰৱৰ্তী সময়ত পাব লগা ধন নাপাই যুৱতীৰ মোবাইল কাঢ়ি ল’লে কৰ্মচাৰীয়ে। কৰ্মচাৰীৰে প্রেমিকযুগলৰ সৈতে হতাহতিৰ দৃশ্য বন্দী হয় CCTVত। উল্লেখ্য যে ১৭ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ হোম ষ্টে’ত আছিল যুৱক-যুৱতী। নিজকে সেনাত কৰ্মৰত বুলি ভুৱা পৰিচয় দিছিল যুৱকজনে। এই ঘটনাৰ পাছতে দিছপুৰ থানাত গোচৰ হোম ষ্টে’ কৰ্তৃপক্ষৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছৌদি আৰৱৰ পৰা স্বদেশলৈ উভতিল প্ৰায় ৩,০০০ আবদ্ধ ভাৰতীয় উমৰাহ যাত্ৰী

ছৌদি আৰৱত আবদ্ধ হৈ থকা প্ৰায় ৩,০০০ ভাৰতীয় উমৰাহ...

ফ্ৰেন্স অ’পেনত বিশ্বৰ ২ নম্বৰ আকানে য়ামাগুচিক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত অসম কন্যা অস্মিতা

ফ্ৰেন্স অ’পেন ২০২৬ বেডমিণ্টন প্ৰতিযোগিতাত কেৰিয়াৰৰ অন্যতম বৃহৎ সাফল্য...

যুৱতীৰ সৈতে অসৎ আচৰণৰ অভিযোগক লৈ সংঘাত, চুবুৰীয়াৰ প্ৰহাৰত DRDO কৰ্মচাৰীৰ মৃত্যু

হায়দৰাবাদত এগৰাকী ২৩ বছৰীয়া যুৱতীৰ সৈতে অসৎ আচৰণ কৰাৰ...

তিব্বতত ৭.০ প্ৰাবল্যৰ ভূমিকম্প, ১৬জনৰ মৃত্যু, আহত ৩২

চীনৰ দুৰ্গম তিব্বত অঞ্চলত বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা ৭.০...