এনেকুৱা লটাৰী হয়তো অসমত হোৱাই নাই…

মাঘ বিহু উপলক্ষে কাহানিও নোহোৱা লটাৰী
কমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত
কিন্তু মানি ল’ব পৰা নাই ৰাইজে
এনেকুৱা লটাৰী হয়তো অসমত হোৱাই নাই

উজনিৰ পৰা নামনিলৈ ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে লটাৰী। লটাৰী মানে উবুৰি খাই পৰে ৰাইজ। পৰাই কথা। ১০০টকাতেই যদি গাড়ী এখন পায়, বাইক এখন পায়, স্কুটী এখন পায়, আশা নকৰিবনো কিয় ৰাইজে। কণী একপ্লেট পালেওতো লোকচান নাই। শোণিতপুৰৰ ৰত্নপুৰতো অনুষ্ঠিত হৈছিল লটাৰী খেল। ৰত্নপুৰ প্ৰাথমিক শাখাৰ নামঘৰ নিৰ্মাণৰ সাহায্যাৰ্থে উপহাৰ কুপন খেল। উপহাৰো দামী। স্কোৰপিঅ, ভেন্যু, আই টেন, বাইক, স্কুটীকে আদি কৰি দহটা মূল্যৱান উপহাৰ। সেই আশাতেই টিকট কাটিলে হাজাৰ হাজাৰ লোকে।

উৰুকাৰ পুৱা ১০ বজাত খেল অনুষ্ঠিত হোৱাৰ কথা

সেইনতেই হাতেহাতে টিকট লৈ খেল হবলগীয়া স্থানত ৰাইজ। কিমানৰ মনত যে কিমান আশা। দোৱা-প্ৰাৰ্থনা কৰি ওলাই আহিল সকলো। আহিহে পোৱাৰ পাছত কমিটিৰ এজন সদস্যই কলে

খেলতো হৈয়ে গ’ল
পুৱা ৬ বজাতেই হ’ল

ৰাইজৰ হাহাকাৰ। কি হল কেনেকৈ হল। কিয় হল। কুপন ক্ৰয় কৰা লোক শোৱাৰ পৰা উঠাৰ পূৰ্বে খেল পাতি আজৰি আয়োজক সমিতি। এতিয়া এওঁলোকে নামানে। উপহাৰ কোনে পালে। কোনেও নাই পোৱা। ১০টা উপহাৰৰ এটাও উপহাৰ কোনেও নাপালে। কোনোবাই কোনোবাই পালে। কিন্তু সেইসকল ইয়াত নায়েই। এতিয়া উভটি ধৰিছে টিকট ক্ৰেটাই। গাড়ী-বাইক পালে কোনে। সেই তালিকাও নিদিয়ে আয়োজকে। যিয়ে পাবলগীয়া আছিল পালে বুলিহে কয়। কথাতে আছে কমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত
ৰাইজ ক্ষুব্ধ। খেল আকৌ পাতিবই লাগিব। আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। এতিয়া আয়োজকে বা কি কৰে। তাৰ মাজতে আহি উপস্থিত হল এজন এজেন্ট। এয়া কুপন। কুপন জমা হোৱাই নাই। খেল পাতি শেষ। কেনেকুৱা কথা এয়া। এওঁলোকৰ দাবী। খেল চকুৰ সন্মুখত পাতক। কিন্তু সেই কথাষাৰৰ বাবেই খেলি-মেলি। কমিটিৰ সিদ্ধান্তই…

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...