আজি উত্তৰ-পূৰ্বাঞ্চল ৰাষ্ট্ৰৰ এক গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে পৰিগণিত হৈছে: মুখ্যমন্ত্রী

নাইপাৰ, গুৱাহাটীৰ শুভ উদ্বোধন উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু ৰসায়ন তথা সাৰ দপ্তৰৰ মন্ত্ৰীয়ে ৰাইজৰ সেৱাত উৎসর্গিত কৰিলে নাইপাৰ গুৱাহাটী

আজি উত্তৰ-পূৰ্বাঞ্চল ৰাষ্ট্ৰৰ এক গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে পৰিগণিত হৈছে: মুখ্যমন্ত্রী

কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু ৰসায়ন তথা সাৰ দপ্তৰৰ মন্ত্রী ডাঃ মনসুখ মাণ্ডবিয়াই ভাৰতবৰ্ষৰ ঔষধীয় শিক্ষা আৰু গৱেষণাৰ অগ্রণী প্রতিষ্ঠান নেশ্বনেল ইনষ্টিটিউট অৱ ফার্মাছিটিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ (নাইপাৰ), গুৱাহাটীৰ নৱনির্মিত চৌহদৰ আভাসীয়ভাবে উদ্বোধন কৰা উপলক্ষে চাংসাৰিত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে। উল্লেখ্য যে, নাইপাৰৰ স্থায়ী আৰু পূর্ণাংগ চৌহদ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে চাংসাৰিত ৬০ একৰ ভূমি প্রদান কৰিছে। এই প্রতিষ্ঠানটোৰ নিৰ্মাণত ১৫৭ কোটি টকা ব্যয় হৈছে।

আনহাতে কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে ১৫০ কোটি টকা ব্যয়ৰে প্রধানমন্ত্রী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত ডিব্রুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটি ব্লকটো শুভাৰম্ভ কৰে। তদুপৰি কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে প্রধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছনৰ অধীনত নিৰ্মাণ কৰা অসমৰ ভবানীপুৰ, গোঁসাইগাঁও, মছলপুৰ, লাহৰিঘাট, গোগামুখ, বল্লমগুৰী, ধেমাজি, খৈৰাবাৰী, ঢেকিয়াজুলি, সৰুপথাৰ, কমাৰবন্ধা, নকছাৰী, বঙাইগাঁও, বাৰপূজীয়া, ঘগ্ৰাপাৰ আৰু চামতা খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰত নিৰ্মাণ কৰা খণ্ড প্রাথমিক স্বাস্থ্য গোট, হাইলাকান্দিৰ এছ কে ৰয় অসামৰিক চিকিৎসালয়ত নির্মাণ কৰা সংহত জনস্বাস্থ্য গবেষণাগাৰ আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মাতৃ আৰু শিশু ৰোগীৰ বাবে ১০০ খন বিছনাযুক্ত কক্ষ ৰাইজৰ সেৱাত উৎসর্গা কৰে। অনুৰূপ ধৰণে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পশ্চিম কাৰ্বি আংলং, কার্বি আংলং, চিৰাং, কোকৰাঝাৰ, গোলাঘাট, হোজাই, মৰিগাঁও জিলাত সংহত জনস্বাস্থ্য গৱেষণাগাৰ নিৰ্মাণ, বঙাইগাঁও, কাৰ্বি আংলং, কাছাৰ, গোলাঘাট জিলাত ৫০ খন বিছনাযুক্ত জটিল ৰোগ চিকিৎসা কেন্দ্ৰ আৰু তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ত মাতৃ আৰু শিশু ৰোগীৰ বাবে ১০০ খন বিছনাযুক্ত কক্ষ, ধৰমশালা, বিহদিয়া খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্রত খণ্ড প্রাথমিক স্বাস্থ্য গোট, মাৰ্ঘেৰিটা এফ আৰ ইউত খণ্ড প্রাথমিক স্বাস্থ্য গোট আৰু কাকী ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ বাবে স্থায়ী গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী শৰ্মাই কয় যে, নাইপাৰ এক গুৰুত্বপূৰ্ণ প্রতিষ্ঠান। ২০০৮ চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা নাইপাৰ শৈক্ষিক যাত্ৰা আৰম্ভ হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজি নাইপাৰ স্থায়ী চৌহদ নিৰ্মাণ কৰি ৰাষ্ট্ৰৰ নামত উৎসর্গিত কৰা হৈছে। মুখ্যমন্ত্রীয়ে ইয়াৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু ৰসায়ন তথা সাব দপ্তবৰ মন্ত্রী ডাঃ মনসুখ মাণ্ডরিয়াক ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্রীয়ে লগতে কয় যে নাইপাৰ এনে এক স্থানত নিৰ্মাণ কৰা হৈছে যাৰ সমীপৱৰ্তী ঠাইত ইণ্ডিয়ান ইনষ্টিটিউট অব টেকনলজি, এইমছ, গুৱাহাটী থকাৰ লগতে ইণ্ডিয়ান ইনষ্টিটিউট অব ফৰেনছিক চায়েন্সৰ কাম-কাজ আৰম্ভ হৈছে। স্বাস্থ্য খণ্ডৰ দৃষ্টিত চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত প্রতিষ্ঠান একেলগে নির্মাণ হোৱাটো আৰু ইয়াৰ জৰিয়তে স্বাস্থ্য আন্তঃগাঁথনিত আমূল পৰিৱৰ্তন হোৱাটো সৌভাগ্যৰ বিষয় বুলি দোহাৰি তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ বাবে অসমে আজি বিকাশৰ এক নতুন স্তৰত উপনীত হৈছে আৰু প্ৰধানমন্ত্ৰীৰ বাবে এইমছৰ লেখীয়া প্রতিষ্ঠান লাভ কৰাটো সম্ভৱ হৈ উঠিছে।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ বাবে অসম তথা উত্তৰ-পূর্বাঞ্চলত বহু চিকিৎসা প্রতিষ্ঠানকে ধৰি বিভিন্ন প্রকল্পসমূহ নিৰ্মাণ হোৱাৰ লগতে বহু প্ৰকল্পৰ আধাৰশিলা স্থাপন হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মিজোৰামৰ পৰা অৰুণাচললৈ, মণিপুৰৰ পৰা ত্ৰিপুৰালৈ, মেঘালয়ৰ পৰা অসমলৈ কেন্দ্ৰীয় চৰকাৰে বহু উপহাৰ প্ৰদান কৰিছে। মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রীৰ বাবে আজি উত্তৰ-পূৰ্বাঞ্চলে ৰাষ্ট্ৰৰ এক গুৰুত্বপূর্ণ অঞ্চল হিচাপে পৰিগণিত হৈছে। অঞ্চলটোত উন্নয়নৰ ৰূপৰেখা নির্ণয় হোৱা বাবে অঞ্চলবাসীৰ মনত নতুন উদ্দীপনা আহিছে বুলিও তেওঁ কয়। অমৃতকালৰ সময়ছোৱাত উত্তৰ-পূৰ্বাঞ্চল বিকাশে দেশৰ বিকাশত এক গুৰুত্বপূৰ্ণ অৰিহণা যোগাবলৈ সক্ষম হ’ব বুলিও তেওঁ মন্তব্য কৰে।

মুখ্যমন্ত্রীয়ে কয় যে আজি অসমবাসীৰ বাবে এক প্রাপ্তিৰ দিন আৰু গুৰুত্বপূর্ণ সফলতা। ভোগালী বিহুৰ শুভেচ্ছা জনাই তেওঁ কয় যে, স্বাস্থ্য সূচাংক তথা ফার্মাছিটিকেল খণ্ড, মানৱ সম্পদ গঢ়ি তোলা প্রতিষ্ঠানকে ধৰি এনেধৰণৰ প্রতিষ্ঠান গঢ়ি তোলাৰ দিশত কেন্দ্রীয় চৰকাৰক ৰাজ্য চৰকাৰে সকলো ধৰণৰ সহযোগিতা আগবঢ়াই যাব। অসমে প্রধানমন্ত্রীৰ ভৱিষ্য দর্শনক বাস্তৱায়িত কৰাৰ দিশত আৰু দেশৰ বিকাশৰ বাবে সদায়ে অৰিহনা আগবঢ়াবলৈ প্রয়াস চলাই যাব বুলি তেওঁ কয়।

এই অনুষ্ঠানত ত্ৰিপুৰাৰ মুখ্যমন্ত্রী মাণিক সাহা আভাসীয়ভারে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় ৰয়াসন, সাৰ তথা নতুন আৰু নৱীকৰণ শক্তি বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী ভগৱন্ত খুবা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী কেশৱ মহন্ত, নাইপাৰ গুৱাহাটীৰ সঞ্চালক ড° ইউ এছ এন মূর্তি প্রমুখ্যে প্রতিষ্ঠানটোৰ সমূহ অধ্যাপক-অধ্যাপিকা, বিষয়া-কর্মচাৰী আৰু গৱেষক তথা ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিবাহ ভৱনত মাছে-মঙহে জুতি লৈ দৰাঘৰীয়ালৈ শিলগুটি নিক্ষেপ, শিৱসাগৰৰ ডিমৌত অতিথিৰ দুষ্কাৰ্য

শিৱসাগৰৰ ডিমৌত বৰযাত্ৰীৰ ওপৰত আক্ৰমণ। ঘটনাত আহত এজন বৰযাত্ৰী।...

জুবিন গাৰ্গক ওপজা দিনৰ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীয়ে লিখিলে এনেদৰে

আজি জুবিন গাৰ্গৰ ওপজা দিন।। ৫৩ বছৰত ভৰি দিলে...

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা। GMCHৰ বাকৰিত উদ্ধাৰ এজন...