হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিণতি

হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিণতি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হ’ল বিক্ষিপ্ত ঘটনা। হাতীৰ আক্ৰমণত মৃত্যু হয় দুজনকৈ লোকৰ। ইপিনে ৰে’লৰ খুন্দাত নিহত এটা হাতী। আনফালে কেইবা ঠাইতো চলিল বন্যহস্তীৰ উপদ্ৰৱ।

হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিণতি
হাতীৰ আক্ৰমণত মৃত্যু দুজনকৈ লোকৰ
ৰে’লৰ খুন্দাত নিহত এটা হাতী
কেইবা ঠাইতো চলিল বন্যহস্তীৰ উপদ্ৰৱ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত হাতী-মানুহৰ সংঘাত। বকোৰ বৰখালত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল এজন লোকৰ। বৰখালৰ কমলেশ্বৰ বড়ো নামৰ লোকজনৰ হাতীৰ আক্ৰমণত মৃত্যু। গুৰুতৰভাবে আহত অমল ৰাভা নামৰ আন এজন লোক। উন্নত চিকিৎসাৰ বাবে অমল ৰাভাক GMCHলৈ প্ৰেৰণ।

গোৱালপাৰাৰ বলবলাৰ ফফংগাত অঘটন। বনৰীয়া হাতীৰ আক্ৰমণত নিহত সমজিত মাৰাক নামৰ এজন। দ্বিতীয় খণ্ড গাৰোপাৰা গাঁৱত সংঘটিত এই ঘটনা। বন বিভাগৰ ওপৰত ক্ষুব্ধ ৰাইজ। বন বিভাগক জবাবদিহি কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত। বৰ্তমানো অঞ্চলটোত অব্যাহত আছে হাতীৰ উপদ্ৰৱ।

ইপিনে, মৰিয়নীত ৰে’লৰ খুন্দাত বন্যহস্তীৰ কৰুণ মৃত্যু। নামনিমুৱা বিবেক এক্সপ্ৰেছৰ খুন্দাত নিহত হাতীটো। ভেলাগুৰি চাহ বাগিচাৰ বৈদিহা কেম্পৰ সমীপত এই ঘটনা। গিবনৰ পৰা নিশা খাদ্যৰ সন্ধানত উলাই আহিছিল হাতীৰ এটা জাক। বনৰীয়া হাতীৰ মৃত্যুক লৈ অঞ্চলটোত শোকৰ ছাঁ। বিগত বৰ্ষত একেটা স্থানত ৰে’লৰ খুন্দাত মৃত্যু হৈছিল ৩ টাকৈ হাতীৰ।

কলিয়াবৰ ঢেঁকীয়াল গাঁৱতো হাতী মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি অহা বনৰীয়া হাতীৰ জাকৰ চলিল উপদ্ৰৱ। ঢেকীয়াল গাঁৱৰ নিবাসী প্ৰণৱ দাসৰ ঘৰ ভাঙি তহিলং কৰে হাতীয়ে। ঘৰ দুৱাৰ বিধ্বস্ত হৈ পৰাত কান্দি কান্দি হাত যোৰ কৰি মুখ্যমন্ত্ৰীলৈ সহায়ৰ বাবে কৰিলে আহ্বান।

গোলাঘাটৰ মৰঙিতো বন্যহস্তীৰ উপদ্ৰৱ। ৰবিশস্যৰ পথাৰত দৈনিক চলিছে উপদ্ৰৱ। কৃষকে মূৰে কপালে হাত দিছে হাতীৰ তাণ্ডৱত৷ ইপিনে মৰঙি বাগানৰ পৰা লেটেকুজান বাগিচা পাৰ হৈ জনাঞ্চলত চলাইছে উপদ্ৰৱ৷ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওতে বহু সময় আবদ্ধ হৈ পৰে যান-বাহনকে ধৰি পথাচাৰী। জানিব পৰামতে মৰঙি বাগিচাত এজনী হাতীয়ে পোৱালী প্ৰসব কৰাৰ বাবেই হাতীৰ জাকটো আঁতৰি যোৱা নাই ৷ যাৰ ফলত আতংকিত ৰাইজ৷ ৰাজ্যত চলি থকা হাতী-মানুহৰ এই সমূহ পৰিস্থিতি বন বিভাগক নিয়ন্ত্ৰণৰ দাবী জনাইছে ৰাইজে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...