কোকৰাঝাৰ জিলাৰ তিনিখন বিদ্যালয়ত গুণোৎসৱত অংশগ্ৰহণ অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ

স্কুলীয়া শিক্ষাৰ গুণগত মান উন্নতিৰ লক্ষ্যৰে তথা গুণগত শিক্ষাৰ মান নিশ্চিতকৰণৰ বাবে আৰম্ভ কৰা “গুণোৎসৱ ২০২৪” ৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ দ্বিতীয় দিনা আজি অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে জিলাখনৰ তিনিখন বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয় কেইখনৰ শৈক্ষিক মানৰ পৰ্যালোচনা কৰে। এই শৈক্ষিক মূল্যায়ন কাৰ্যসূচীৰ জৰিয়তে বিদ্যালয়সমূহৰ গুণগত আৰু পৰিমাণগত মানৰ বিশেষভাৱে উন্নতি সাধন কৰিব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰে।বিদ্যালয়কেইখন হৈছে – কোকৰাঝাৰ ৰাষ্ট্ৰ ভাষা বিদ্যাপীঠ হাইস্কুল; কোকৰাঝাৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কোকৰাঝাৰ আদৰ্শ বিদ্যালয়। উল্লেখযোগ্য যে এই কাৰ্যসূচীৰ অধীনত এই বৰ্ষত সমগ্ৰ ৰাজ্যজুৰি ৩৯,৬৩,৫৪২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি থকা মুঠ ৪৩,৪৯৮ খন বিদ্যালয়, মুঠ ৭,০০৮ জন বহিঃ মূল্যায়কৰ দ্বাৰা মূল্যায়ন কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...