সাহিত্যিক মংগল সিং হাজোৱাৰীক সৌজন্যমূলক সাক্ষাৎ মন্ত্ৰী অশোক সিংহলৰ

মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ কোকৰাঝাৰ জিলা ভ্ৰমণকালত বিশিষ্ট কবি- সাহিত্যিক, শিক্ষাবিদ আৰু সমাজকর্মী ড° মংগল সিং হাজোৱাৰীৰ বাসগৃহত উপস্থিত হৈ তেওঁক সৌজন্যমূলক সাক্ষাৎ কৰে।

উল্লেখযোগ্য যে, বড়ো সমাজৰ লগতে সমগ্ৰ ৰাজ্যখনৰে এক বৰেণ্য ব্যক্তিত্ব ড° মংগল সিং হাজোৱাৰীয়ে বড়ো ভাষাত প্ৰথমবাৰৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰাৰ লগতে সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৰিহণাৰ বাবে ২০২১ চনত তেওঁক ভাৰত চৰকাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল।

মন্ত্ৰী সিংহলে আজি এইগৰাকী পুৰোধাৰ বাসগৃহত উপস্থিত হৈ কিছু স্মৰণীয় মুহূৰ্ত অতিবাহিত কৰে। তেওঁ চৰকাৰৰ কাম-কাজ সম্পৰ্কে বিশিষ্ট সাহিত্যিকগৰাকীক অৱগত কৰাৰ লগতে তেওঁৰ গঠনমূলক দিহা-পৰামৰ্শ কামনা কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...