সাহিত্যিক মংগল সিং হাজোৱাৰীক সৌজন্যমূলক সাক্ষাৎ মন্ত্ৰী অশোক সিংহলৰ

মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ কোকৰাঝাৰ জিলা ভ্ৰমণকালত বিশিষ্ট কবি- সাহিত্যিক, শিক্ষাবিদ আৰু সমাজকর্মী ড° মংগল সিং হাজোৱাৰীৰ বাসগৃহত উপস্থিত হৈ তেওঁক সৌজন্যমূলক সাক্ষাৎ কৰে।

উল্লেখযোগ্য যে, বড়ো সমাজৰ লগতে সমগ্ৰ ৰাজ্যখনৰে এক বৰেণ্য ব্যক্তিত্ব ড° মংগল সিং হাজোৱাৰীয়ে বড়ো ভাষাত প্ৰথমবাৰৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰাৰ লগতে সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৰিহণাৰ বাবে ২০২১ চনত তেওঁক ভাৰত চৰকাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল।

মন্ত্ৰী সিংহলে আজি এইগৰাকী পুৰোধাৰ বাসগৃহত উপস্থিত হৈ কিছু স্মৰণীয় মুহূৰ্ত অতিবাহিত কৰে। তেওঁ চৰকাৰৰ কাম-কাজ সম্পৰ্কে বিশিষ্ট সাহিত্যিকগৰাকীক অৱগত কৰাৰ লগতে তেওঁৰ গঠনমূলক দিহা-পৰামৰ্শ কামনা কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...

ডাৱৰ বিস্ফোৰণ (Cloudburst) কি?

নাগালেণ্ডৰ মন (Mon) জিলাত হোৱা ডাৱৰ বিস্ফোৰণৰ (Cloudburst) পাছত...

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত দ্বাদশ কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ খানাপাৰস্থিত নগৰ কাৰ্যালয়ৰ সভাগৃহত...