চোৰৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ মাৰাথন অভিযান

চোৰৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ মাৰাথন অভিযান। অভিযানত একেনিশাই আৰক্ষীৰ জালত পৰিল ১৭টা গভাইত চোৰ। লগতে আৰক্ষীয়ে জব্দ কৰিলে বহু সামগ্ৰী। কিন্তু এই ১৭টা চোৰেই নহয়। শিলচৰত এতিয়া টিঘিলঘিলাই ফুৰিছে চোৰৰ এটা বৃহত গেঙে। আৰক্ষী অধীক্ষকৰ সকীয়নি, অভিযান আকৌ চলিব।

তেওঁলোক যেন যাদুকৰ!

আপুনি ধৰক ৰাস্তাৰে মোবাইলত কথা পাতি গৈ আছে। এওঁলোকৰ কোনোবা এজন কাষেৰে গল মানে আপোনাৰ মোবাইলটো নাই। আপুনি ধৰক কোনোবা নিশা ঘৰৰ বাহিৰত থাকিল। পুৱা দেখিব আপোনাৰ লেপটপটো নাই। আপুনি ধৰক বাথৰুমত আছে। হঠাত দেখিব টেপেৰে পানী অহা নাই। সেয়া এওঁলোকৰ যাদু। আৰু এয়া তাৰ ফলাফল। শিলচৰ সদৰ থানাত এতিয়া এনেকৈয়ে দেখা গৈছে বিভিন্ন সামগ্ৰী। কি নাই ইয়াত। গাড়ীৰ বেটাৰী, পানীৰ মটৰ, কাঁহৰ বাচন-বৰ্তন, মোবাইল, লেপটক। সকলো আছে ইয়াত। যোৱা দিনকেইটাত
শিলচৰবাসীৰ নিদ্ৰা হৰিছে চোৰে
ধাৰাবাহিকভাবে চোৰে চলাইছে অভিযান। মূৰৰ কামোৰণি হৈ পৰিছিল আৰক্ষীৰো। সেয়ে কাছাৰ আৰক্ষীয়ে শিলচৰ চহৰৰ ভিন্ন প্ৰান্তত চলালে অভিযান। এটা দুটা নহয়।
আৰক্ষীৰ অভিযানত জালত পৰিল ১৭টা গভাইত চোৰ
অভিযানত আৰক্ষীয়ে জব্দ কৰিলে বহু সামগ্ৰী গাড়ীৰ বেটাৰী ৪টা, পানীৰ মটৰ ৩টা, কাঁহৰ বাচন-বৰ্তন, ১২টা মোবাইল, এটা লেপটপ জব্দ কৰিলে আৰক্ষীয়ে।

মাৰাথন অভিযান চলালে আৰক্ষীয়ে। অভিযান কিন্তু থমকি নৰয়। পুনৰ চলিব। এই ১৭জনেই নহয়। শিলচৰত এতিয়া চোৰৰ এটা বৃহত গেং। আনসকলক বিচাৰিও অভিযান চলিব আৰক্ষীৰ। ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্য। ইমানদিনে সাধাৰণ জনতাৰ টোপনি হৰিছিল চোৰে। এইবাৰ চোৰৰ টোপনি হৰাৰ পাল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...