এটা বছৰ সম্পূৰ্ণ হ’ল যদিও আজিকোপতি ফাদিল নহ’ল সুশান্ত সিং ৰাজপুতৰ মৃত্যু-ৰহস্য

গুৱাহাটী, ১৪ জুন, NKTV: আজি ১৪ জুন। এই দিনটোতেই বলীউডৰ এজন জনপ্ৰিয় অভিনেতাই এই পৃথিৱীৰ পৰা চিৰ বিদায় মাগিছিল। সমগ্ৰ দেশ কভিড মহামাৰীত আক্ৰান্ত হৈ থকাৰ সময়তেই ২০২০ চনৰ আজিৰ দিনটোতেই জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুটে সকলোকে স্তম্ভিত কৰি মৃত্যুক সাৱতিছিল। মুম্বাইৰ বেন্দ্ৰা স্থিত নিজৰ এপাৰ্টমেণ্টত উদ্ধাৰ হৈছিল সুশান্তৰ মৃতদেহ। এই ঘটনাক কেন্দ্ৰ কৰি অভিনেতাজনৰ মৃত্যুৰ সৈতে NEPOTISMক সাঙুৰি লৈ শুভাকাংক্ষীসকলে বলীউডৰ কেইগৰাকীমান তাৰকা, পৰিচালকৰ বিৰুদ্ধে SOCIAL MEDIAত এক বিশেষ কেম্পেইনৰ জন্ম দিছিল। সুশান্তৰ মৃত্যুৰ আঁৰৰ প্ৰকৃত ৰহস্য উদঘাটন কৰিবলৈ মুম্বাই আৰক্ষীৰ লগতে NCBয়েও বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও বৰ্তমানলৈ সুশান্ত সিং ৰাজপুটৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত আৰক্ষীয়ে চুড়ান্ত প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ সমৰ্থ হোৱা নাই।

  • সুশান্তৰ মৃত্যুৰ এটা বছৰ সম্পূৰ্ণ
  • মৃত্যুৰ ৰহস্য এতিয়াও ৰহস্যৰ আৱৰ্তত
  • কি দৰে মৃত্যু ঘটিছিল অভিনেতা সুশান্ত সিং ৰাজপুতৰ
  • আৰক্ষী, NCBয়ে বৰ্তমানো অব্যাহত ৰাখিছে অভিযান
  • এবছৰ পূৰ্বে বেন্দ্ৰাস্থিত এপাৰ্টমেণ্টত উদ্ধাৰ হৈছিল সুশান্তৰ নশ্বৰদেহ
  • সাঙুৰ খাই পৰিছিল বলীউডৰ বহুকেইজন জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ না

এবছৰ পূৰ্বে মুম্বাইৰ বেন্দ্ৰাস্থিত নিজৰ এপাৰ্টমেণ্টত সুশান্তৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই ৰহস্যজনকভাৱে এই ঘটনাৰ লগত সাঙুৰ খাই পৰিছিল বলীউডৰ বহুকেইজন জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ নাম। ৰিয়া চক্ৰৱৰ্তী, ছাৰা আলী খান, দিপিকা পাদুকন, শ্ৰদ্ধা কাপুৰ চলমান খান, কৰণ জোহৰৰ লগতে আন বহুকেইজন অভিনেতা- অভিনেত্ৰী নাম এই ঘটনাৰ লগত সাঙুৰ খাই পৰিছিল। এই ঘটনাক কেন্দ্ৰ কৰিয়েই পোহৰলৈ আহিছিল বলীউড আৰু ড্ৰাগছৰ মাজত থকা এক ক’লা অধ্যায়।

যদিও আজিৰ এই দিনটোতেই সুশান্তৰ মৃত্যুৰ ঘটনাই এটা বছৰ সম্পূৰ্ণ কৰিলে। কিন্তু বৰ্তমানলৈ সুশান্তৰ মৃত্যুৰ প্ৰকৃত ঘটনা পোহৰলৈ অহা নাই। সকলোবোৰ ৰহস্য এতিয়াও ৰহস্য হৈয়েই আছে। কিদৰে, কি কাৰণে সুশান্তৰ মৃত্যু ঘটিছিল এয়া এতিয়াও এক অবুজ সাঁথৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...