ৰাজ্যৰ শক্তিখণ্ডত লোকচান ৩০০ কোটি টকা

ৰাজ্যৰ শক্তি খণ্ডত বিদ্যুত চুৰি আৰু বিদ্যুৎ বিল অনাদায়ৰ বাবে বছৰি লোকচান ৩০০ কোটি টকা। তিনিওটা বিদ্যুৎ কোম্পানীৰ ৰাজহ পুনৰুদ্ধাৰৰ পৰিকল্পনা চৰকাৰৰ। বিজুলী ভৱনত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। APDCL-APGCL-AEGCL ৰ সৈতে বৈঠকৰ অন্তত এই সংবাদমেল।

সংবাদমেলখনত মুখ্যমন্ত্ৰীয়ে কয়, নিয়মীয়াকৈ বিল দিয়াসকলে চুৰি কৰি লোৱাসকলৰো বিদ্যুৎ মাচুল দিবলগীয়া হৈছে। আমি যিমান বিদ্যুৎ দিওঁ,সেই হিচাপত প্ৰতি বছৰে ৩০০ কোটি টকা কমকৈ পাওঁ, কিছু ঠাইত (চৰ-চাপৰি,পাহাৰীয়া অঞ্চল) বিদ্যুতৰ বিল আদায় কৰাত সমস্যা আছে। তিনিওটা শক্তি কোম্পানী ক্ৰমে APDCL, APGCL আৰু AEGCLৰ হেৰাই যোৱা ৰাজহ পুনৰুদ্ধাৰ কৰাৰ পৰিকল্পনা কৰিছো আমি। বিদ্যুৎ চুৰিৰ ক্ষেত্ৰত কঠোৰ হ’ব চৰকাৰ। বিদ্যুৎ চুৰি কৰা সকলৰ বাবে সৰ্বসাধাৰণ ৰাইজে যাতে বিদ্যুতৰ বিল অধিক বহন কৰিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰখাত গুৰুত্ব দিয়া হ’ব। এটা বৃহৎ কোম্পানীয়ে দিয়া GST আৰু ব্যৱহাৰ কৰা বিদ্যুতৰ তাৰতম্য কিমান, সেয়া পৰীক্ষা কৰা হ’ব। গুজৰাটৰ শক্তি বিতৰণৰ আৰ্হিক অসমত কিদৰে প্ৰয়োগ কৰি শক্তি বচাব পাৰি, সেই সন্দৰ্ভত কাইলৈ অসমৰ শক্তি বিভাগৰে হ’ব ভিডিঅ’ কনফাৰেন্স।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিদেশৰ মাটিত সৰ্বাধিক ৰান সংগ্ৰহকাৰী ভাৰতীয় উইকেটকীপাৰ হিচাপে ইতিহাস ৰচিলে ঋষভ পণ্টে

ভাৰতীয় উইকেটকীপাৰ-বেটছমেন ঋষভ পণ্টে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক...

জ্যোতি চিত্ৰবনত কাইলৈ মুক্তি পাব নতুন অসমীয়া ছবি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’ৰ MOTION POSTER

ছবিগৃহলৈ আহিবলৈ সাজু হৈছে এখন নতুন অসমীয়া ছবি ‘NRC...

‘ভাৰতে অংশ ল’ব’, পাকিস্তানৰ দাবীক লৈ চৰ্চা

দক্ষিণ এছিয়া গেমছক লৈ আহিল এক গুৰুত্বপূৰ্ণ খবৰ। ২০২৭...