ৰাজ্যৰ শক্তিখণ্ডত লোকচান ৩০০ কোটি টকা

ৰাজ্যৰ শক্তি খণ্ডত বিদ্যুত চুৰি আৰু বিদ্যুৎ বিল অনাদায়ৰ বাবে বছৰি লোকচান ৩০০ কোটি টকা। তিনিওটা বিদ্যুৎ কোম্পানীৰ ৰাজহ পুনৰুদ্ধাৰৰ পৰিকল্পনা চৰকাৰৰ। বিজুলী ভৱনত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। APDCL-APGCL-AEGCL ৰ সৈতে বৈঠকৰ অন্তত এই সংবাদমেল।

সংবাদমেলখনত মুখ্যমন্ত্ৰীয়ে কয়, নিয়মীয়াকৈ বিল দিয়াসকলে চুৰি কৰি লোৱাসকলৰো বিদ্যুৎ মাচুল দিবলগীয়া হৈছে। আমি যিমান বিদ্যুৎ দিওঁ,সেই হিচাপত প্ৰতি বছৰে ৩০০ কোটি টকা কমকৈ পাওঁ, কিছু ঠাইত (চৰ-চাপৰি,পাহাৰীয়া অঞ্চল) বিদ্যুতৰ বিল আদায় কৰাত সমস্যা আছে। তিনিওটা শক্তি কোম্পানী ক্ৰমে APDCL, APGCL আৰু AEGCLৰ হেৰাই যোৱা ৰাজহ পুনৰুদ্ধাৰ কৰাৰ পৰিকল্পনা কৰিছো আমি। বিদ্যুৎ চুৰিৰ ক্ষেত্ৰত কঠোৰ হ’ব চৰকাৰ। বিদ্যুৎ চুৰি কৰা সকলৰ বাবে সৰ্বসাধাৰণ ৰাইজে যাতে বিদ্যুতৰ বিল অধিক বহন কৰিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰখাত গুৰুত্ব দিয়া হ’ব। এটা বৃহৎ কোম্পানীয়ে দিয়া GST আৰু ব্যৱহাৰ কৰা বিদ্যুতৰ তাৰতম্য কিমান, সেয়া পৰীক্ষা কৰা হ’ব। গুজৰাটৰ শক্তি বিতৰণৰ আৰ্হিক অসমত কিদৰে প্ৰয়োগ কৰি শক্তি বচাব পাৰি, সেই সন্দৰ্ভত কাইলৈ অসমৰ শক্তি বিভাগৰে হ’ব ভিডিঅ’ কনফাৰেন্স।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...

ইতিবাচক…বাছ লৈ ‘ৰৈ ৰৈ বিনালে’ চাবলৈ চাবলৈ আহিল চলচ্চিত্ৰপ্ৰেমী

জুবিন গাৰ্গৰ সপোনবোৰ যেন দিঠক হৈছে। তেওঁ কোৱাৰ দৰেই...