ৰাম মন্দিৰৰ নামত ভুৱা QR CODEৰ জৰিয়তে বৰঙণি সংগ্ৰহৰ চেষ্টা

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ মাজত মাথো কেইটামান দিন। ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে উদ্বোধনী অনুষ্ঠানৰ সকলো প্ৰস্তুতি। ইয়াৰ মাজতে ৰাম মন্দিৰৰ নামত বৰঙণি সংগ্ৰহৰ বাবে সক্ৰিয় হৈ উঠিছে এটা চক্ৰ। ভুৱা QR ক’ডৰ জৰিয়তে ৰাম মন্দিৰ নিৰ্মাণৰ নামত বৰঙণি সংগ্ৰহত নামিছে এই চক্ৰটো। এনে চক্ৰটোৰ ফান্দত ভৰি নিদিবলৈ ইতিমধ্যে দেশবাসীক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে বিশ্ব হিন্দু পৰিষদে। বিশ্ব হিন্দু পৰিষদৰ মুখপাত্ৰ বিনোদ বানচালে এই বাৰ্তাযোগে এই কথা সদৰী কৰি কয় যে এই ভুৱা QR ক’ডৰ জৰিয়তে ৰাম মন্দিৰৰ বৰঙণি সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে ‘শ্ৰীৰাম জনমভূমি তীৰ্থ ছত্ৰ অযোধ্যা, উত্তৰপ্ৰদেশ’ নামৰ এটা পেজৰ জৰিয়তে। ইতিমধ্যে ছ’চিয়েল মিডিয়াযোগে প্ৰচাৰ কৰা হৈছে এই বৰঙণি সংগ্ৰহৰ বিষয়ে। ছ’চিয়েল মিডিয়াৰ পেজত এই ভুৱা QR ক’ডো অন্তৰ্ভুক্ত কৰা হৈছে। এই চক্ৰটোৰ বিষয়ে ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ লগতে দিল্লী আৰু উত্তৰপ্ৰদেশ আৰক্ষীকো অৱগত কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা। GMCHৰ বাকৰিত উদ্ধাৰ এজন...

ৰাজ্যৰ ভিন্ন প্ৰান্তত বিধ্বংসী অগ্নিকাণ্ড

ৰাজ্যৰ ভিন্ন প্ৰান্তত বিধ্বংসী অগ্নিকাণ্ড। কামৰূপৰ গৰৈমাৰীৰ বিহাপাৰাত শুকুৰবাৰে...

৫ দিনীয়া ভ্ৰমণসূচীৰে বিদেশলৈ প্ৰধানমন্ত্ৰী মোদী

৫দিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে পুনৰ বিদেশলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

জঘন্য কাণ্ডই জোকাৰি গ’ল নগাঁও

দুটাকৈ নৃশংস হত্যাকাণ্ডই দেওবাৰে পুৱাই জোকাৰি গ’ল নগাঁও হয়বৰগাঁৱৰ...