মহাকাশ ভ্ৰমণৰ বাবে সাজু হৈছে ‘ৱালকিৰি’

মহাকাশলৈ মানৱাকৃতিৰ ৰবট প্ৰেৰণৰ প্ৰস্তুতি চলাইছে মাৰ্কিন মহাকাশ গৱেষণা সংস্থা ‘নাছা’ই। মহাকাশ কেন্দ্ৰত বিপদজনক কামত নিয়োগ কৰা হ’ব এই ৰবট। মহাকাশত বিভিন্ন কাম-কাজত মহাকাশচাৰীক সহায় কৰিব এই মানৱাকৃতিৰ ৰবটে। বিভিন্ন অত্যাধুনিক ছফটৱেৰৰ জৰিয়তে আন মহাকাশচাৰীৰ দৰেই কাৰ্যক্ষম কৰি তোলা হ’ব এই ৰবটক। আমেৰিকাৰ ‘এপট্ৰ’নিক’ নামৰ ৰবটিক কোম্পানীটোৰ সহযোগত নিৰ্মাণ কৰা হৈছে এই অত্যাধুনিক ৰবট। ২০২৫ৰ প্ৰথম ভাগতে সম্পূৰ্ণ হৈ উঠিব এই মানৱাকৃতিৰ ৰবট। দিনটোৰ ২২ ঘণ্টাই কাৰ্যক্ষম হৈ থাকিব এই ৰবট। চন্দ্ৰ আৰু মঙল অভিযানতো এই অত্যাধুনিক ৰবট ব্যৱহাৰ কৰিব নাছাই।

মহাকাশ ভ্ৰমণৰ বাবে সাজু হৈছে ‘ৱালকিৰি’
মহাকাশৰ বিপজ্জনক কামত নিয়োগ কৰা হ’ব ‘ৱালকিৰি’ক
৬ ফুট ২ ইঞ্চি উচ্চতাৰ ‘ৱালকিৰি’ৰ ওজন ১৩৬ কিলোগ্ৰাম
‘ৱালকিৰি’ হৈছে ‘নাছা’ৰ অত্যাধুনিক মানৱাকৃতিৰ ৰবট
মানুহৰ দৰেই ‘ৱালকিৰি’ৰ আছে শৰীৰ, মূৰ, দুখন ভৰি, দুখন হাত
মহাকাশত কি কামত নিয়োগ কৰা হ’ব ‘ৱালকিৰি’ক?
মহাকাশ কেন্দ্ৰৰ যিকোনো বিপদজ্জনক কাম কৰিব এই ৰবটে
সৌৰ পেনেল পৰিস্কাৰ, যন্ত্ৰপাতি মেৰামতি কৰিব ‘ৱালকিৰি’য়ে
মহাকাশচাৰীক সকলো ধৰণে সহায় কৰিব ‘ৱালকিৰি’য়ে
‘ৱালকিৰি’ক ব্যৱহাৰ কৰা হ’ব চন্দ্ৰ, মঙল অভিযানতো
ৰবটৰ মহাকাশযাত্ৰা আৰম্ভ হৈছিল ২০১১ চনত
ISSলৈ নাছাই প্ৰেৰণ কৰিছিল ‘ৰৱ’নট-২’ক
মহাকাশচাৰীৰ হ’কে বিভিন্ন কাম সমাধা কৰিছিল ‘ৰৱ’নট-২’য়ে
২০১৮ত পৃথিৱীলৈ ঘূৰাই অনা হৈছিল ‘ৰৱ’নট-২’ক

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...