নৱবৰ্ষৰ লগতে ‘চাৰ ধাম যাত্ৰা’ক লৈ উৎসাহী তীৰ্থযাত্ৰী

সামৰি লোৱা হ’ব বদ্ৰীনাথ, কেদাৰনাথ, গংগোত্ৰী আৰু যমুনোত্ৰীক

নৱবৰ্ষ উদযাপনৰ বাবে বিশ্বজুৰি প্ৰস্তুতি চলাৰ সময়তে ভাৰতত আৰম্ভ হৈছে শীতকালীন চাৰ ধাম যাত্ৰা। বুধবাৰৰ পৰা এসপ্তাহ ধৰি চলিব এই চাৰ ধাম যাত্ৰা। এই শীতকালীন যাত্ৰা সাধাৰণতে উত্তৰাখণ্ডৰ বদ্ৰীনাথৰ পৰা আৰম্ভ হয়। গ্ৰীষ্মকালত অধিকাংশ সময়তে এইব যাত্ৰা চলে যদিও এইবাৰ প্ৰথম শীতকালত আৰম্ভ হৈছে চাৰ ধাম যাত্ৰা। অহা ২ জানুৱাৰীত হৰিদ্বাৰত অন্ত পৰি এই যাত্ৰাৰ। শীতকালীন চাৰ ধাম যাত্ৰাৰ সূচনা কৰিব জগতগুৰু শংকৰাচাৰ্যই। উত্তৰাখণ্ডৰ এই চাৰি তীৰ্থস্থানক হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে অন্যতম পৱিত্ৰ তীৰ্থস্থান ৰূপে গণ্য কৰা হয়। বদ্ৰীনাথ, কেদাৰনাথ, গংগোত্ৰী আৰু যমুনোত্ৰীক সামৰি আৰম্ভ হয় এই চাৰ ধাম যাত্ৰা। কেইবা যুগ ধৰি চলি আহিছে এই তীৰ্থযাত্ৰা। ইয়াৰ পূৰ্বে যোৱা এপ্ৰিলত হৈছিল উত্তৰাখণ্ডৰ এই চাৰি ধাম যাত্ৰা। এই চাৰি ধামৰ মাহাত্ম্যৰ বাবে প্ৰতি বছৰে তীৰ্থযাত্ৰীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে এই যাত্ৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...