ন’ভাক জক’ভিছে দ্বিতীয়বাৰলৈ দখল কৰিলে ফ্ৰেন্স অ’পেনৰ পুৰুষৰ ছিংগলছ খিতাপ

গুৱাহাটী, ১৪ জুন, NKTV: কেৰিয়াৰৰ ১৯সংখ্যক গ্ৰেণ্ডশ্লাম খিতাপ জয় ন’ভাক জক’ভিছৰ। গ্ৰীচৰ টেনিচ তাৰকা ষ্টেফান’জ চিচিপাছক হৰুৱাই ন’ভাক জক’ভিছে দ্বিতীয়বাৰলৈ দখল কৰিলে ফ্ৰেন্স অ’পেনৰ পুৰুষৰ ছিংগল খিতাপ। ক্লে’ক’ৰ্টৰ সম্ৰাট ৰাফেল নাডালক ছেমিফাইনেলত হৰুৱাই এইবাৰ ফ্ৰেন্স অ’পেনৰ খিতাপ প্ৰায় নিশ্চিত কৰিছিল জক’ভিছে। দেওবাৰে অনুষ্ঠিত ফাইনেলত জক’ভিছ মুখামুখি হয় গ্ৰীচৰ তাৰকা চিচিপাছৰ। খেলখনত ৬-৭, ২-৬, ৬-৩, ৬-২ আৰু ৬-৪ ছেটত চিচিপাছক পৰাজিত কৰি ফ্ৰেন্স অ’পেনৰ পুৰুষৰ ছিংগলছ খিতাপ অৰ্জন দখল কৰিলে জক’ভিছে। এয়া হৈছে তেওঁৰ কেৰিয়াৰৰ ১৯সংখ্যক গ্ৰেণ্ডশ্লাম খিতাপ। তেওঁৰ শিৰত আছে দুটা ফ্ৰেন্স অ’পেনৰ খিতাপৰ উপৰি ৯টা অষ্ট্ৰেলিয়ান অ’পেন, ৫টা উইম্বলডন আৰু ৩টা ইউ এছ অ’পেনৰ খিতাপ। ৰোলা গাৰোঁত শ্ৰেষ্ঠত্ব অৰ্জন কৰি জক’ভিছে ৰয় এমাৰ্ছন আৰু ৰড লেভাৰৰ ৫২ বছৰীয়া অভিলেখ স্পৰ্শ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বুধবাৰৰ পৰা আৰম্ভ অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ ৰঙালী বিহু

“হাঁচতি ঐ চ’তবিচতি ঐ চ’তবুধে বিৰচতি মঙলে উৰুকাবিহু গৈ...

অযোধ্যাৰ ৰাম মন্দিৰক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

অযোধ্যাৰ ৰাম মন্দিৰক লক্ষ্য কৰি ই-মেইলৰ জৰিয়তে বোমাৰ ভাবুকি...

ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাই ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ; ১৪ মে’ত শপতগ্ৰহণ

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ ভূষণ...

Xৰ দৰে ছ’চিয়েল মিডিয়া নেটৱৰ্ক কোম্পানী আৰম্ভ কৰিব OpenAIয়ে

চ্যাটজিপিটিৰ নিৰ্মাতা OpenAIয়ে এতিয়া Xৰ দৰে এটা নিজস্ব ছ’চিয়েল...