এইখন অসমতে ক’ত ৯৪ টকাৰ ওপৰত পেট্ৰ’লৰ দাম?

গুৱাহাটী, ১৪ জুন, NKTV: ৰাজ্যত অব্যাহত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি। পেট্ৰ’ল-ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ বাবে এতিয়া মুৰৰ কামুৰণিৰ সৃষ্টি কৰিছে। মহানগৰী গুৱাহাটীত এতিয়া পেট্ৰ’লৰ মূল্য ৯২.১২ টকা হোৱাৰ বিপৰীতে ৮৬.৮৫ টকা হলগৈ প্ৰতি লিটাৰ ডিজেলৰ মূল্য। এইখন অসমতেই এতিয়া ৯৪ টকাকৈও সাধাৰণ ৰাইজে ক্ৰয় কৰিছে পেট্ৰ’ল। সত্ৰ নগৰী মাজুলীৰ জনতাই এতিয়া প্ৰতি লিটাৰ পেট্ৰ’লৰ বিপৰীতে ৯৪.৩৩ টকাৰ বিনিময়তহে ক্ৰয় কৰিব পেট্ৰ’ল। আনহাতে লক্ষীমপুৰত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৩.৭৬ টকা হলগৈ। আনহাতে ধেমাজিত এতিয়া প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৩.৫৯ টকা। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্ধিত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যই এতিয়া সাধাৰণ জনতাৰ দৈনন্দিন জীৱনত বাৰুকৈ প্ৰভাৱ পেলাইছে। পশ্চিম কাৰ্বি আংলং, ওদালগুৰি, শিৱসাগৰ, নগাওঁ, কৰিমগঞ্জ, কাৰ্বি আংলং, কামৰূপ, হোজাই, হাইলাকান্দি, ডিমা হাচাও, চৰাইদেউ, বিশ্বনাথত এতিয়া প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্যই ৯৩ টকাৰ ঘৰ পাৰ কৰিলেগৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...