ৰোগীক চোতালত শুৱাই গীত-নৃত্য

চৌদিশে আধুনিকতাৰ জয়জয়কাৰ। চিকিতসা বিজ্ঞানৰ চমকপ্ৰদ সাফল্যত স্তম্ভিত বিশ্ববাসী। কিন্তু তাৰ মাজতেই অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত একাংশ লোক। বঙাইগাঁৱত ৰোগাক্ৰান্ত লোকক সুস্থ কৰি তোলাৰ চেষ্টা বেজৰ। ৰোগীক চোতালত শোৱাই গীত-নৃত্য। চাই ৰৈছে শ শ লোকে।

গেঞ্জি-লুঙি পিন্ধি গাইছে, নাচিছে
এখন ভৰি দাঙি দাঙি ৩৬০ ডিগ্ৰী ঘূৰিছে কিশোৰী-যুৱতীয়ে

হাত চাপৰি বজাই বজাই চাইছে শ শ দৰ্শকে। গামোচাৰে বিচিছে। হঠাত নাগিন ডান্সত মতলীয়া যুৱক-যুৱতী। তলত শুই থকা লোকজনে কেৱল ইফালে সিফালে চাইছে। ধৰিবই যেন পৰা নাই কি হৈছে। আপুনি জানো ধৰিব পাৰিছে। বঙাইগাঁও জিলাৰ বিদ্যাপুৰৰ লিংডোবাৰ বক্কৰ আলী নামৰ এজন লোক বহুদিন ধৰি জটিল ৰোগত আক্ৰান্ত। সেই লোকজনক সুস্থ কৰি তোলাৰ প্ৰয়াস এয়া। আধুনিক চিকিতসা ব্যৱস্থাৰ ওপৰত এওঁলোকৰ হয়তো বিশ্বাস নাই, হয়তো নাজানেই। সেয়েহে এওঁলোকৰ ভৰসা বেজৰ ওপৰত।

ৰোগাক্ৰান্ত লোকজনক সুস্থ কৰি তুলিবৰ বাবে এওঁলোকে মাতি আনিলে বেজ। আৰু এইদৰে চলালে লোকজনক ৰোগমুক্ত কৰাৰ চেষ্টা। এসপ্তাহ ধৰি এনেকৈ অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত পৰা পৰিয়ালটোৰ চোতালত চলিছে গীত-নৃত্য। এওঁলোকৰ বিশ্বাস চিকিতসকে নহয় বেজেহে সুস্থ কৰিব পাৰিব লোকজনক। চিন্তা কৰক। কিছুদিন পূৰ্বে হাউলীতো দেখা গৈছিল অনুৰূপ দৃশ্য। বিশেষভাৱে সক্ষম এগৰাকী কিশোৰীক সুস্থ কৰি তুলিবলৈ এইদৰে গীত-নৃত্য কৰিছিল বেজে। হাঁহি, চাপৰি বজাই চাই আছিল শ শ লোকে। তাৰ পাছত পুনৰ এই ঘটনা। চৌদিশে আধুনিকতাৰ জয়জয় ময়ময়। চিকিতসা বিজ্ঞানৰ উত্থান সাফল্যই স্তম্ভিত কৰিছে বিশ্ববাসীক। ডিজিটেল ইণ্ডিয়া, মহাকাশ নিৰীক্ষণৰ চৰ্চা। তথাপি এইবোৰ। চৰকাৰ-প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে। বিশেষকৈ গ্ৰামাঞ্চলৰ ভিতৰুৱা এলেকাত। বহু লোকেই এতিয়া আধুনিকতাৰ পোহৰেই দেখা পোৱা নাই। এওঁলোকক সমানে আগুৱাই নিব নোৱাৰিলে কথাৰে আকাশ চোৱা অৰ্থহীন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...