মুখ্য প্ৰশিক্ষক হিচাপে পুনৰ দ্ৰাবিড়ক দিলে দায়িত্ব

আজিৰ পৰা ১০দিন পূৰ্বে এদিনীয়া বিশ্বকাপ চেম্পিয়নৰ খিতাপ জিনিছিল অষ্ট্ৰেলিয়াই। ইয়াৰ পিছতেই হতাশাত ভুগিছিল ভাৰতীয় ক্ৰিকেটৰ কোটি-কোটি অনুৰাগীৰ লগতে টীম ইণ্ডিয়াৰ তাৰকা খেলুৱৈসকল। একেই অৱস্থা আছিল ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু তেওঁৰ চাপৰ্ট ষ্টাফৰ সতীৰ্থসকলৰ। একেৰাহে ১০খন মেচত জয়লাভ কৰি ফাইনেল পাইছিল ভাৰতে। বিশ্বকাপ জয় কৰিব নোৱাৰিলেও দলে জয় কৰিছিল ক্ৰিকেট অনুৰাগীৰ হৃদয়। বিশ্বকাপৰ পিছত ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকক লৈ চলিছিল চৰ্চা। ইতিমধ্যে, বিশ্বকাপৰ পিছত ভাৰতীয় দলৰ প্ৰশিক্ষকৰূপে কাৰ্যভাৰ শেষ হৈছিল দ্ৰাবিড়ৰ। কিন্তু প্ৰায় সংখ্যক ক্ৰিকেট সমালোচকে বিচাৰিছিল ভাৰতীয় দলত থাকক দ্ৰাবিড় আৰু তেওঁৰ প্ৰশিক্ষকৰ দলটো।

সেয়েহে BCCIৰ এইবাৰ লক্ষ্য ২০২৪ৰ T-20 বিশ্বকাপ
ভাৰতীয় ক্ৰিকেট দলৰ অংশীদাৰ হৈ থাকিব ৰাহুল দ্ৰাবিড়
মুখ্য প্ৰশিক্ষক হিচাপে পুনৰ দ্ৰাবিড়ক দিলে BCCIয়ে গুৰুদায়িত্ব

দ্ৰাবিড়ৰ লগতে বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথৌৰ, বলিং প্ৰশিক্ষক পাৰাছ মাম্ব্ৰে আৰু ফিল্ডিং প্ৰশিক্ষক টি দিলীপৰ চুক্তিৰ ম্যাদ বৃদ্ধি কৰিছে BCCIয়ে। আকৌ এবাৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব পাই দ্ৰাবিড়ে কয় – ‘ মই BCCIৰ বিষয়াসকলক মোৰ ওপৰত বিশ্বাস ৰখাৰ বাবে ধন্যবাদ জনাইছো। টীম ইণ্ডিয়াৰ সৈতে কটোৱা বিগত দুবছৰ সম্পূৰ্ণৰূপে স্মৰণীয় হৈ আছে। আমি দলটোৰ উত্থান-পতন প্ৰত্যক্ষ কৰিছোঁ। নতুন প্ৰত্যাহ্বানক লৈ মই প্ৰস্তুত।’

ৰাহুল দ্ৰাবিড়ৰ প্ৰশিক্ষণত ভাৰতে এই বৰ্ষত জয়লাভ কৰিছিল এছিয়া কাপ
ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতত টেষ্ট শৃংখলা জয়লাভ কৰিছিল ভাৰতে
জয়লাভ কৰিছিল T-20 আৰু এদিনীয়া শৃংখলাও

মুখ্য প্ৰশিক্ষক হিচাপে পুনৰবাৰ ভাৰতীয় দলত ৰাহুল দ্ৰাবিড় ঘূৰি অহাৰ পিছত ভাৰতীয় অনুৰাগীয়ে দেখিছে আশাৰ বতৰা। ২০২৪ৰ T-20 বিশ্বকাপত দ্ৰাবিড়ৰ তত্বাৱধানত ভাৰতে আজুৰি আনক বিজয়ীৰ খিতাপ।

NKTV Digital
Author: NKTV Digital

175 COMMENTS

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...