২০২৬ৰ বিশ্বকাপ ফুটবলত নাথাকিব পাৰে ব্রাজিল

২০২৬ৰ বিশ্বকাপ ফুটবলত নাথাকিব পাৰে ব্রাজিল

ফিফাই পইণ্ট কৰ্তন কৰিলে ব্রাজিলে হেৰুৱাব যোগ্যতা

বিশ্বকাপত ৫ বাৰৰ চেম্পিয়ন ব্রাজিল দল

আৰ্জেণ্টিনাৰ বিৰুদ্ধে যোগ্যতা নিৰ্ণয়কাৰী খেলত অশান্তিৰ পাছতে কঠোৰ ফিফা

ব্ৰাজিলৰ বিৰুদ্ধে ফিফাই আৰম্ভ কৰিছে অনুশাসনমূলক ব্যৱস্থা

ব্ৰাজিলৰ ৰাজধানী ৰিঅ’ দ্য জেনেৰিঅ’ৰ প্ৰখ্যাত মাৰাকানা ষ্টেডিয়ামত আৰ্জেণ্টিনাৰ বিৰুদ্ধে যোৱা মঙলবাৰে খেলিছিল ব্রাজিলে। খেলখনৰ আৰম্ভণিৰ পৰাই সূচনা হয় ব্যাপক সংঘৰ্ষৰ। ব্রাজিলৰ সমৰ্থকৰ সৈতে আৰ্জেণ্টিনাৰ সমৰ্থকৰ মাৰপিটক লৈ ষ্টেডিয়ামৰ ভিতৰৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল। ব্ৰাজিলৰ সমৰ্থকৰ লগতে দেশখনৰ আৰক্ষীয়েও নিৰ্মমভাৱে প্রহাৰ কৰিছিল আৰ্জেণ্টিনাৰ সমৰ্থকক। এই ঘটনাত ক্ষুব্ধ হৈ খেলখন খেলিবলৈ অস্বীকাৰ কৰি ড্রেছিং ৰূমলৈ ঘূৰি গৈছিল আৰ্জেণ্টিনা।

আৰ্জেণ্টিনাৰ সমৰ্থকক আৰক্ষীয়ে প্ৰহাৰ কৰাক লৈ ক্ষোভ প্রকাশ কৰিছিল মেছিয়েও

বিশ্বজুৰি নিন্দাৰ পাত্র হৈছিল ব্ৰাজিলৰ সমৰ্থক তথা আৰক্ষী

প্ৰায় আধাঘণ্টা পলমকৈ আৰম্ভ হোৱা খেলখনত আৰ্জেণ্টিনাই ঘৰুৱা দল ব্রাজিলক ১-০ গ’লত পৰাস্ত কৰে। খেলখনত সৃষ্টি হোৱা অশান্তিজনক পৰিস্থিতিৰ বাবে ফিফাই অনুশাসনমূলক ব্যৱস্থা ইতিমধ্যে আৰম্ভ কৰিছে।

‘ফুটবলৰ খেলপথাৰৰ ভিতৰে-বাহিৰে হিংসাৰ কোনো স্থান নাই’

ঘটনাৰ উচিত তদন্ত হ’ব: ফিফাৰ সভাপতি জিঅ’নি ইনফেণ্টিনো

ব্রাজিলৰ বিৰুদ্ধে ফিফাই শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰিলে ব্ৰাজিলে বিশ্বকাপৰ মূল পৰ্বত খেলাৰ যোগ্যতা হেৰুৱাৰ আশংকা আছে।

ফিফাই ল’‍ব পাৰা ব্যৱস্থাৰ ভিতৰত আছে  পইণ্ট কৰ্তন, ষ্টেডিয়ামত পৰৱৰ্তী খেলবোৰ দৰ্শকশূন্য বা আংশিক দৰ্শকক লৈ খেলা, নিৰপেক্ষ স্থানত খেলিবলগীয়া হোৱা আদি।

ফিফাৰ অনুশাসন নীতিৰ ১৭নং ধাৰা ভংগৰ অভিযোগত অভিযুক্ত ব্রাজিল

ব্রাজিলৰ লগতে ফিফাৰ অনুশাসন ভংগৰ বাবে দোষী সাব্যস্ত হ’ব আৰ্জেণ্টিনাও

পইণ্ট কৰ্তন হ’লে বিশ্বকাপৰ মূল পৰ্বত দেখা নাযাব ব্রাজিলক!

দক্ষিণ আমেৰিকা গ্রুপৰ তালিকাত ৭ পইণ্টেৰে ব্ৰাজিল ৬নং স্থানত

বিগত একেৰাহে ৩খন খেলত পৰাস্ত হৈছে ব্রাজিল

আৰ্জেণ্টিনাই ৬খন খেলত ১৫ পইণ্টেৰে বৰ্তমান আছে শীৰ্ষ স্থানত

এই গ্রুপৰ পৰা শীৰ্ষ ৬টা দল নিৰ্বাচিত হ’‍ব ২০২৬ৰ বিশ্বকাপৰ বাবে

এই পৰিপ্রেক্ষিতত ৫বাৰৰ বিশ্বকাপ বিজয়ী ব্ৰাজিলৰ ভৱিষ্যৎ এতিয়া নিৰ্ভৰ কৰিছে ফিফাৰ অনুশাসন কমিটীৰ সিদ্ধান্তৰ ওপৰত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...