আপুনি গুৱাহাটীত বাস কৰে নেকি, সাৱধান!

অপৰাধীৰ ৰম্যভূমিলৈ পৰ্যবসিত হৈছে গুৱাহাটী মহানগৰী। দেওবাৰে দিন-দুপৰতে পিষ্টল কিনি দিম বুলি ফুচুলাই শিশুক অপহৰণ কৰিলে দুৰ্বৃত্তই। সোমবাৰে পুনৰ লৈ যোৱা ঠাইতেই এৰি থৈ গ’ল শিশুক। হাতীগাঁৱত সংঘটিত হ’ল চাঞ্চল্যকৰ ঘটনা। এই পৰ্যন্ত কিন্তু আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাই অপহৰণকাৰীক।

আপুনি গুৱাহাটীত বাস কৰে নেকি, সাৱধান!
আপোনাৰ কণমানি সন্তান আছে নেকি, সাৱধান!
গুৱাহাটী এতিয়া অপৰাধীৰ ৰম্যভূমি

এটা চাঞ্চল্যকৰ অপহৰণ। গুৱাহাটীৰ সিজুবাৰীৰ কনকলতা পথত নিজৰ ভাতৃৰ সৈতে খেলি আছিল এটি ৬ বছৰীয়া শিশুৱে। তেনেতে বাইক লৈ আহিল এজন যুৱক। শিশুটিক কলে, মই তোমাৰ মামা। মোৰ লগত বাইকত উঠাচোন। মই তোমাক পিষ্টল কিনি দিম। তাকেই শুনি বাইকত উঠি ল’লে শিশুটিয়ে। তেতিয়াৰ পৰা আৰু শিশুটি নাই।

মামা’ বুলি পৰিচয় দিছিল অপহৰণকাৰীয়ে
হাতীগাঁৱৰ পৰা দক্ষিণগাঁৱৰ পাহাৰৰ দিশে লৈ গৈছিল শিশুটিক
হাহাকাৰ পিতৃ-মাতৃৰ

ঘটনাৰ পাছতেই খবৰ দিয়া হ’ল আৰক্ষীক। আৰক্ষীয়ে আৰম্ভ কৰিলে অভিযান। ইমানলৈ পোহৰলৈ আহিল দুৰ্বৃত্তই নম্বৰপ্লেটবিহীন পালছাৰ বাইকত শিশুটিক উঠাই লৈ যোৱাৰ দৃশ্য। সংবাদ মাধ্যমতো প্ৰচাৰ হ’ল সেই বাতৰি। তাৰ পাছতেই সোমবাৰে পুৱা একেঠাইতে উদ্ধাৰ হল শিশুটি। যি স্থানৰ পৰা শিশুটিক অপহৰণকাৰীয়ে লৈ গৈছিল সেই একেই স্থানতেই এখন অটোত আনি শিশুটিক থৈ গ’ল অপহৰণকাৰীয়ে।

দক্ষিণগাঁৱৰ পিনে লৈ গৈছিল শিশুটিক
নিশা ৰাখিছিল পাহাৰৰ ওপৰৰ এটা ঘৰত
খাবলৈ দিছিল বিস্কুট
পিতৃ বুলি কৈ ফোনত কথা পতাইছিল আন এজন ব্যক্তিৰ লগত

সোমবাৰে দিনৰ ভাগত সুশৰীৰে একেঠাইত উদ্ধাৰ সেই শিশুটি। যেন উশাহ ঘূৰি আহিছে পিতৃ-মাতৃৰ। এতিয়াও কিন্তু সেই অপহৰণকাৰীৰ কোনো সূংশুত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে। চলিছে ধাৰাবাহিক অভিযান। জালত পৰিবনে কালপ্ৰীত? গুৱাহাটীত এয়া কেনে পৰিৱেশ হৈছে। দিন-দুপৰতে এটি শিশুক অপহৰণ কৰিছে দুৰ্বৃত্তই। অপহৰণ কৰা ঠাইতে আকৌ এৰি থৈ গৈছে। ইমান মুকলি বিচৰণ অপৰাধীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...