গাঁওখনে হুলস্থূলীয়া দেৱালী পালন নকৰাৰ আঁৰত পৰিভ্ৰমী পক্ষী

সেউজ দীপাৱলী পালন কৰিব লাগে বুলি উচ্চতম ন্যায়ালয়ৰ আহ্বানলৈ দেশবাসীয়ে কিদৰে সঁহাৰি জনাই সেয়া হ’ব লক্ষণীয়। কিন্তু দাক্ষিণাত্যৰ এখন গাঁৱে ন্যায়ালয়ৰ নিৰ্দেশৰ বহু পূৰ্বৰে পৰাই পালন কৰি আহিছে সেউজ দীপাৱলী। গাঁওখনে আতচবাজী বৰ্জন কৰি আহিছে সুদীৰ্ঘ কাল ধৰি। কাৰণ জানিবলৈ চাওক এই প্ৰতিবেদন।

সমগ্ৰ দেশজুৰি এতিয়া দীপাৱলী উদযাপনৰ ব্যস্ততা
উচ্চতম ন্যায়ালয়ে নিষিদ্ধ কৰিছে প্ৰদূষণ কৰিব পৰা আতচবাজী
অসম আৰক্ষীয়েও বান্ধি দিছে ফটকা ফুটোৱাৰ সময়সীমা
কিন্তু তামিলনাডুৰ এখন গাঁৱে সম্পূৰ্ণৰূপে বৰ্জন কৰিছে আতচবাজী
গাঁওবাসীৰ আতচবাজী বৰ্জনৰ আঁৰৰ কাহিনীয়ে আপোনাক কৰিব আলোড়িত


তামিলনাডুৰ মাদুৰাইৰ সমীপৱৰ্তী এখন প্ৰাচীন গাঁও কল্লুকুদিপাট্টি। প্ৰকৃতিৰ ৰম্যভূমি গাঁওখন পৰ্যটন কেন্দ্ৰ হিচাপেও চিহ্নিত। কিন্তু এই গাঁওখনৰ বাসিন্দাসকলে দীৰ্ঘদিনে পালন কৰা নাই আতচবাজীৰ বিস্ফোৰণেৰে দীপাৱলী।

গাঁওখনে হূলস্থুলীয়া দেৱালী পালন নকৰাৰ আঁৰত পৰিভ্ৰমী পক্ষী
গাঁওখনলৈ এই সময়ত আহে ভিন্ন প্ৰান্তৰ পৰা পৰিভ্ৰমী পক্ষী
পক্ষীকুলক আমনি নিদিবলৈ গাঁওবাসীয়ে দেৱালীত নফুটায় কোনো ফটকা
চলিত বৰ্ষত ইতিমধ্যে গাঁওখনলৈ আগমন ঘটিছে পৰিভ্ৰমী পক্ষীৰ
গাঁওখন অৱস্থিত ভেট্টাংগুডী পক্ষী অভয়াৰণ্য দাঁতিকাষৰ


এই পক্ষী অভয়াৰণ্যলৈ বিশ্বৰ ভিন্ন প্ৰান্তৰ প্ৰতিবছৰে আহে অগণন পক্ষী। ছুইজাৰলেণ্ড, ৰাছিয়া, ইণ্ডোনেছিয়া, শ্ৰীলংকা আদি দেশৰ পৰা প্ৰতিবছৰে প্ৰায় ১৫ হাজাৰ পক্ষীৰ আগমন হয় এই অভয়াৰণ্যলৈ। পক্ষীৰ এখন নিৰাপদ বিচৰণভূমি ৰূপে চিহ্নিত এই পক্ষী অভয়াৰণ্য। ইয়াতে পোৱালি জগায় প্ৰায় ২ শতাধিক প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীয়ে। অৰ্ধশতিকাৰ অধিক কাল ধৰি চলি আহিছে এই অভয়াৰণ্যলৈ পক্ষীৰ আগমন।

পক্ষী অভয়াৰণ্যৰ গাতে লাগি থকা কল্লুকুদিপাট্টি গাঁৱো পৰিভ্ৰমী পক্ষীৰ বিচৰণভূমি। ছেপ্টেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈ গাঁওখনৰ লগতে পক্ষী অভয়াৰণ্যখন হৈ পৰে পৰিভ্ৰমী পক্ষীৰ বিচৰণভূমি। তালৈ অহা পক্ষীৰ ভিতৰত আছে বিভিন্ন প্ৰজাতিৰ বগলী, হাঁহ, ষ্টৰ্ক আদি। ৩৮ একৰ জুৰি বিস্তৃত হৈ ৰৈছে পক্ষী অভয়াৰণ্যখন।

এই পক্ষীবোৰৰ বাবেই দেৱালীত ফটকা বৰ্জন গাঁওবাসীৰ
বৰষুণ কম হোৱাত এই‍বাৰ পক্ষীৰ আগমন হ্ৰাস হোৱাত আক্ষেপ গাঁওবাসীৰ


পৰিভ্ৰমী পক্ষীক নিৰাপদ আশ্ৰয় দিবলৈ গাঁওবাসীয়ে ফটকা বৰ্জন কৰি ৰাখিলেও বিভিন্ন কাৰণত এই অভয়াৰণ্যলৈ পক্ষীৰ আগমন হ্ৰাস পাইছে। গাঁওখনত পৰ্যটকৰ বাবেও বিশেষ সা-সুবিধা নাই বুলি আক্ষেপ গাঁওবাসীৰ। কেৱল পক্ষীৰ বাবেই আতচবাজী বৰ্জন কৰা গাঁওখন প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত এক বিৰল দৃষ্টান্ত হিচাপে চিহ্নিত হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

মঙলদৈৰ মোৱামাৰীত গাৰ নোম শিঁয়ৰি উঠা ঘটনা

মঙলদৈৰ মোৱামাৰীত গাৰ নোম শিঁয়ৰি উঠা ঘটনা। প্ৰেম কৰাৰ...

গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা

বালিপাৰা ফাউণ্ডেচনে পূৰ্বৰ দৰে এইবাৰো অহা ২৬-২৭ নৱেম্বৰত...

বালিপাৰা ফাউণ্ডেশ্যনৰ দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ

গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা বালিপাৰা ফাউণ্ডেচনে পূৰ্বৰ...

পণ্ডিত হেমচন্দ্ৰ গোস্বামী ফাউণ্ডেশ্যনৰ উদ্যোগত ৱাশ্বিংটন ডি চিত ভাষা গৌৰৱ সপ্তাহ উদযাপন

অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা উপলক্ষে আমেৰিকা...