জঘন্য কাণ্ডই কলংকিত কৰিলে অসমৰ মানচেষ্টাৰখ্যাত শুৱালকুছিক

এক জঘন্য কাণ্ডই কলংকিত কৰিলে অসমৰ মানচেষ্টাৰ খ্যাত শুৱালকুছি। সমনীয়াৰ সৈতে ফুৰিবলৈ যোৱাৰ সময়তে এগৰাকী ১১ বছৰীয়া স্কুলীয়া ছাত্ৰীক ধৰ্ষণৰ অভিযোগ। চোকা অস্ত্ৰ দেখুৱাই ছাত্ৰীগৰাকীক বিবস্ত্ৰ কৰি ভিডিঅ’ কৰাৰো অভিযোগ। শান্তনু কলিতা নামৰ এজন যুৱকে ধৰ্ষণ কৰিছিল, মৃণাল বৈশ্য নামৰ আন এজন যুৱকে বিবস্ত্ৰ ছাত্ৰীগৰাকীক ভিডিঅ’ কৰিছিল। ছাত্ৰী গৰাকীৰ পৰিয়ালক হত্যাৰ ভাবুকি দি মুখ বন্ধ কৰাৰো চেষ্টা কৰিছিল ২ অভিযুক্তই। অভিযুক্ত শান্তনু কলিতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও পলাতক হৈ আছে আনজন অভিযুক্ত মৃণাল শইকীয়া।

১১ বছৰীয়া স্কুলীয়া ছাত্ৰীক উপৰ্যুপুৰি কেইবাদিনো ধৰ্ষণ
অস্ত্ৰ দেখুৱাই বিবস্ত্ৰ কৰি ভিডিঅ’ ৰেকৰ্ডিঙো কৰিলে
…

গাৰ নোম শিঁয়ৰি যোৱা এই ঘটনা সংঘটিত হৈছে অসমৰ মানচেষ্টাৰ খ্যাত শুৱালকুছিত। শুৱালকুছি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই যুৱকজনৰ নাম শান্তনু কলিতা। ৰাইজে দিয়া তথ্য অনুসৰি নিয়ামীয়াকৈ ড্ৰাগছ সেৱন কৰে শান্তনু কলিতাই। সুৰা, ভাং আৰু ড্ৰাগছ আসক্ত শান্তনু ওচৰৰ ছোৱালী-মহিলাৰ বাবে সন্ত্ৰাস।

এই শান্তনু আৰু সহযোগী মৃণাল বৈশ্যই সংঘটিত কৰা এক শিহৰণকাৰী কাহিনী সোমবাৰে পোহৰলৈ আহিছে। এগৰাকী ১১ বছৰীয়া স্কুলীয়া ছাত্ৰীক ধৰ্ষণ কৰিছিল শান্তনুৱে। ভুক্তভোগী ছাত্ৰীগৰাকী এখন স্কুলৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত। দুই সমনীয়াৰ সৈতে ফুৰিবলৈ যাওঁতে শান্তনু আৰু মৃণালে মৃত্যুৰ ভাবুকি দি মাতি নিছিল ছাত্ৰীগৰাকীক। প্ৰথমে চোকা অস্ত্ৰ দেখুৱাই বিবস্ত্ৰ কৰিছিল। মৃণাল বৈশ্যই বিবস্ত্ৰ ছাত্ৰীগৰাকীৰ ভিডিঅ’ কৰিছিল। তাৰ পিছতে শান্তনুৱে ধৰ্ষণ কৰাৰ অভিযোগ ছাত্ৰীগৰাকীক।

ভয়ানক যৌন নিৰ্যাতনৰ এই ঘটনা কেইবাদিনো ধৰি চলিছিল। নগ্ন ভিডিঅ’ ভাইৰেল আৰু হত্যাৰ ভাবুকি দি উপৰ্যুপুৰি ধৰ্ষণ কৰা হৈছিল ছাত্ৰীগৰাকীক। ভয়তে সমগ্ৰ কথা গোপনে ৰাখিছিল ছাত্ৰীগৰাকীয়ে। কিন্তু শেহতীয়াকৈ এক সামাজিক অনুষ্ঠানত ভুক্তভোগী ছাত্ৰীগৰাকীৰ দুই বান্ধবীয়ে পৰিয়ালক এই কথা অৱগত কৰে। লগে লগেই পোহৰলৈ আহে ড্ৰাগছ আসক্ত শান্তনু কলিতা আৰু মৃণাল বৈশ্যই সংঘটিত কৰা শিহৰণকাৰী কাহিনী।

এই কাহিনী পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ অঞ্চলত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। ভুক্তভোগী পৰিয়ালটোক হত্যাৰ ভাবুকি দি ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছিল দুই অভিযুক্ত শান্তনু কলিতা আৰু মৃণাল বৈশ্যই। কিন্তু ৰাইজৰ তৎপৰতাত পৰিয়ালটোৱে শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মুখ্য অভিযুক্ত শান্তনু কলিতাক। অৱশ্যে এতিয়াও পলাতক হৈ আছে আনজন অভিযুক্ত মৃণাল বৈশ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...