নিউয়ৰ্কৰ বিখ্যাত টাইমছ স্কোৱেৰত প্ৰদৰ্শিত বিহু

হাজাৰ-বিজাৰ ঋণাত্মক খবৰৰ মাজতে, আমালৈ আহে কিছু ভাল খবৰ। খবৰৰ মাজত লুকাই থাকে সেই খবৰবোৰ। তেনে এটা খবৰ আপোনাক দিব বিচাৰিছোঁ। বিশ্ব বিখ্যাত এখন ডিজিটেল হৰ্ডিঙত প্ৰদৰ্শিত হৈছে অসমীয়াৰ আপোন সুৰ। জিলিকি উঠিছে এজন আপোন শিল্পী। খবৰ আহিছে নিউয়ৰ্কৰ পৰা।

এখন ডিজিটেল হৰ্ডিঙত প্ৰদৰ্শিত হৈছে বিশেষ দৃশ্য
নিউয়ৰ্কৰ বিখ্যাত টাইমছ স্কোৱেৰত প্ৰদৰ্শিত বিহু
বিশাল ডিজিটেল হৰ্ডিঙত প্ৰদৰ্শিত পাপনৰ বিহু
‘BHOOMI’ শীৰ্ষক প্ৰজেক্টত ন ৰূপত সজোৱা হৈছিল বিহুক
আফ্ৰিকান আৰু অসমীয়া ভাষাৰ সমন্বয় ঘটিছিল গীতটোত
এগৰাকী আফ্ৰিকান কণ্ঠশিল্পীৰ সৈতে পাপনে গাইছিল ‘এফ্ৰ’ বিহু’
ইতিমধ্যে সৰ্বত্ৰ জনসমাদৃত হৈছে গীতটো

আপোনাৰ, মোৰ আপোন আপোন যেন লগা বিহুৰ সুৰ। অসমৰ তথা অতি সম্প্ৰতি বলীউডৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী পাপন। এতিয়া আপোনাৰ নিশ্চয় জানিবলৈ মন গৈছে যে এই ডিজিটেল হৰ্ডিঙখনত প্ৰকাশ পোৱা এই খবৰটো বিশেষ কিয়। এই দৃশ্য ক’ত প্ৰদৰ্শিত হৈছে আপুনি জানেনে?
নিউয়ৰ্কৰ বিখ্যাত টাইমছ স্কোৱেৰত প্ৰদৰ্শিত এই দৃশ্য
বিশাল ডিজিটেল হৰ্ডিঙত প্ৰদৰ্শিত পাপনৰ বিহু
‘BHOOMI’ শীৰ্ষক প্ৰজেক্টত ন ৰূপত সজোৱা হৈছিল বিহুক

উল্লেখ্য যে, সংগীত পৰিচালক ছেলিম মাৰ্চেণ্টৰ BHOOMI শীৰ্ষক এক প্ৰজেক্টত গীত গাইছিল পাপনে। পূৰ্বতেও বহুকেইটা হিট নাম্বাৰ্ছ দিয়া এই প্ৰজেক্টৰ এইবাৰৰ এইটি নৱতম গীত ইবাচি। আফ্ৰিকান আৰু অসমীয়া ভাষাৰ সমন্বয় ঘটিছিল গীতটোত।

এগৰাকী আফ্ৰিকান কণ্ঠশিল্পীৰ সৈতে পাপনে গাইছিল ‘এফ্ৰ’ বিহু’
ইতিমধ্যে, সৰ্বত্ৰ জনসমাদৃত হৈছে গীতটো। এইবাৰ টাইমছ স্কোৱেৰত বাজিল সেই বিশেষ বিহুটি। জিলিকি উঠিল অসম সন্তান পাপন। বাজি উঠিল অসমীয়াৰ আপোন সুৰ। টাইমছ স্কোৱেৰত এইদৰে বিহু আৰু এজন অসমীয়াক একেদৰে দেখি উত্ফুল্লিত অসমবাসীৰ লগতে BHOOMI প্ৰজেক্টেৰে জড়িত কলা কুশলীসকল। হাজাৰ বিজাৰ ঋণাত্মক খবৰৰ মাজতে ই নিশ্চয়কৈ আমাৰ বাবে এক ভাল খবৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...