ভৰুণ আঘোণলৈ আৰু কিছু পৰ বাকী…পকাধানে ৰিঙিয়াই মাতিছে সবাকে গাভৰু পথাৰলৈ

ঢকুৱাখনাত আঘোণৰ পূৰ্বেই সোণোৱালী শইছ চপোৱাত ব্যস্ত দাৱনী। প্ৰাণচঞ্চলা দাৱনীৰ হাতৰ কাঁচিত মুঠি বান্ধিছে আই-পিতাইৰ সপোন। আঘোণৰ প্ৰাকক্ষণত এতিয়া ঢকুৱাখনাৰ পথাৰে পথাৰে উচাহৰ ঢল। পুৰুষ মহিলাই আনন্দ উলাহৰ মাজেৰে চপাইছে ধান। ঢকুৱাখনাৰ পথাৰত এইবাৰ ভাল হৈছে ধান। সেয়ে দাৱনীৰ মুখত আনন্দৰ গান গীতে-মাতে ৰঙীন হৈছে পকা ধানৰ পথাৰ। মিছিং মহিলাসকলে ঐনিতম গাই আনন্দ স্ফূৰ্তিৰে আঁতৰাইছে শাওনৰ ভাগৰ। জুতি লৈছে পৰম্পৰাগত পানীয় পৰ:আপং, ন:গিন আপঙৰ।

পৰিসৰত বিশাল খেতিডৰা চপাবলৈ ওচৰ–চুবুৰীয়াই পৰস্পৰে সহায় কৰে পৰস্পৰক। দাৱনীৰ সমানে সোণগুটিৰ ডাঙৰী বান্ধি ঘৰলৈ অনাত ব্যস্ত কৃষকসকল। বেলিটি মূৰতে লৈ বিৰিয়াত কঢ়িয়াইছে চহকী সপোন। এয়া ঢকুৱাখনাৰ পথাৰত লখিমীক ঘৰলৈ কঢ়িয়াই নিয়াৰ উলাহ। এয়া চহা কৃষকৰ চোতালে–ভড়ালে সমৃদ্ধ কৰাৰ আন্তৰিক অভিলাষ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...