নগাঁৱৰ চামগুৰি থানাত এটা ষাঁড়গৰু

নগাঁৱৰ চামগুৰি থানাত এটা ষাঁড়গৰু। ষাঁড়টোৰ বাবে বিবুধিত পৰিল আৰক্ষী আৰু কেইবাজনো লোক। চোৰাং গৰু সৰবৰাহকাৰীয়ে এঠাইত বান্ধি থৈছিল ষাঁড়টো। একাংশ লোকে উদ্ধাৰ কৰি খবৰ দিলে আৰক্ষীক। তাৰ পাছতেই জ্বলাকলা।
ঠেলিছে
টানিছে
ভাগৰত বহিছে

থানাত এটা ষাড়। ষাড়টোৱে জ্বলাকলা খুৱাইছে কেইজনমান লোক আৰু এখন থানাৰ আৰক্ষীক। নিশা এটা ষাঁড় গৰু গোপনে সৰবৰাহ কৰিবৰ বাবে কোনো গৰুচুৰি চক্ৰই বান্ধি থৈছিল চামগুৰিৰ সোণাৰিবালিৰ কলঙৰ বাকৰিত। গৰাকীহীন ষাঁড়টো উদ্ধাৰ কৰি স্থানীয় লোকে খবৰ দিলে আৰক্ষীক। আৰক্ষীয়ে কলে আপোনালোকে খুব ভাল কাম কৰিছে। ষাঁড়টো থানালৈকে লৈ আনক। তাৰ পাছতেই চাৰিজন লোকৰ নগুৰ-নাকটি। এজনে শিঙত ৰছি লগাই টানিছে। এজনে পিছপিনৰ পৰা ঠেলিছে। ভাগৰি পৰিল এওঁলোক।

বহুসময়ৰ চেষ্টাৰ অন্তত গৰুটো লৈ আনিলে থানালৈ। কিন্তু কোনে বান্ধি থৈছিল গৰুটো। কৰ পৰা কলৈ সৰবৰাহৰ উদ্দেশ্য আছিল। সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ইপিনে ষাঁড়টোক টনা-আজোঁৰা কৰাৰ শব্দ শুনি দেখি কিনো হৈছে বুলি চাবলৈ ওলাই আহিল একাংশ লোক। এই দৃশ্যই হাঁহিৰ খোৰাক যোগালে সকলোকে।

নগাঁৱৰ বিভিন্ন প্ৰান্তত এতিয়াও সক্ৰিয় চোৰাং গৰু ব্যৱসায়ী চক্ৰ। কোনে, কেনেকৈ এই কাৰবাৰ কৰি আছে তাৰ কিন্তু বিশেষ তথ্য নাই আৰক্ষীৰ হাতত। এই ষাঁড়টোৱে পুনৰ প্ৰমাণ কৰিলে নগাঁৱত চলি থকা সেই অবাধ বেহাৰ কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...