আপুনি জানেনে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ মূল্যৱান বস্তুটো কি?

আপুনি জানেনে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ মূল্যৱান বস্তুটো কি?
এটা গ্ৰহাণুপিণ্ড। এই গ্ৰহাণুপিণ্ডটোৰ নাম 16 Psyche.
বৃহস্পতি গ্ৰহ আৰু মংগল গ্ৰহৰ মাজৰ এক গ্ৰহাণুপুঞ্জৰ অন্যতম এই ছিক্সটিন চাইকি
আমি বসবাস কৰি থকা পৃথিৱীতকৈও অধিক মূল্যবান এই গ্ৰহাণুপিণ্ড
ছিক্সটিন চাইকিৰ আনুমানিক মূল্য দহ হাজাৰ কুৱাড্ৰিলিয়ন আমেৰিকান ডলাৰ
বিপৰীতে পৃথিৱীৰ সমগ্ৰ অৰ্থনীতি ১০৫ ত্ৰিলিয়ন ডলাৰৰ

আমি মিলিয়নৰ কথা শুনিছো, বিলিয়নৰ কথা শুনিছো আৰু ত্ৰিলিয়নৰ কথাও শুনিছো।
কিন্তু কুৱাড্ৰিলিয়ন শব্দটোৱেই আমাৰ বাবে অচিনাকী।
আপুনি ইন্টাৰনেটৰ গুগলত এই কুৱাড্ৰিলিয়নৰ অৰ্থ বিচাৰি চাব পাৰে।
ছিক্সটিন চাইকি নামৰ গ্ৰহাণুপিণ্ডটোৰ মূল্য প্ৰায় ১০ হাজাৰ কুৱাড্ৰিলিয়ন ডলাৰ।
আমিও গুগলত বিচাৰিছিলো ১০ হাজাৰ কুৱাড্ৰিলিয়ন ডলাৰৰ ভাৰতীয় টকাৰ হিচাপ।
এই পৰিমাণৰ ধন ভাৰতীয় টকাৰ হিচাপত কিমান হ’ব পাৰে তাৰ সন্ধান কিন্তু আমাক গুগলে দিব নোৱাৰিলে। গুগলৰ মতে ১ কুৱাড্ৰিলিয়নৰ অৰ্থ এহেজাৰ ত্ৰিলিয়ন। আৰু সহজ ভাষাত এক ত্ৰিলিয়নৰ অৰ্থ ১০ হাজাৰ কোটি। গতিকে এহেজাৰটা ১০ হাজাৰ কোটি মিলি হয়গৈ ১ কুৱাড্ৰিলিয়ন।
গুগলে দেখুৱায়- ১ কুৱাড্ৰিলিয়নৰ অৰ্থ হ’ল ১ৰ পিছফালে ১৫ টা শূন্য।

এতিয়া আপুনি হিচাপ কৰক। ১ৰ পিঠিত ১৫ টা শূন্য বহুৱালে সেই পৰিমাণ কিমান হ’ব। আমিও হিচাপ কৰি চাইছিলো। আমাৰ হিচাপত ওলাইছে এক কোটি কোটি। আপুনি এক কোটিৰ কথা শুনিছে, এহেজাৰ কোটিৰ কথা শুনিছে, এক লাখ কোটিৰ কথাও শুনিব পাৰে, ইয়াত হিচাপ হৈছে ১ কোটি কোটিৰ। সেয়াই এক কুৱাড্ৰিলিয়ন। তেনে ১০ হাজাৰ কুৱাড্ৰিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ এই ছিক্সটিন চাইকি নামৰ গ্ৰহাণুপিণ্ডটো। কি আছে এই গ্ৰহাণুপিণ্ডত, যাৰ বাবে ইমান সম্পদশালী ছিক্সটিন চাইকি?

১৮৫২ চনতে ইটালিয়ান মহাকাশ বিজ্ঞানী এনিবেল ডি গেছপাৰিছে আৱিস্কাৰ কৰিছিল এই গ্ৰহাণুপিণ্ডটো। গ্ৰীক দেৱী ছাইকিৰ নামেৰে ৰখা হৈছিল এই গ্ৰহাণুপিণ্ডটোৰ নাম। আটাইতকৈ দীঘল অঞ্চলটোত ছিক্সটিন চাইকিৰ দৈৰ্ঘ ২৩২ কিঃমিঃ আৰু আটাইতকৈ বহল ঠাইখণ্ডত ইয়াৰ দৈৰ্ঘ ২৮০ কিঃমিঃ। ছিক্সটিন চাইকিৰ সৰ্বমুঠ পৃষ্ঠভূমি ১ লাখ ৬৫ হাজাৰ ৮০০ বৰ্গকিঃমিঃ। নিকেল, টিন আৰু সোণৰ ভাণ্ডাৰেৰে ভৰি আছে এই ছিক্সটিন চাইকি নামৰ গ্ৰহাণুপিণ্ডটো। এই মূল্যবান ধাতুৰ ভাণ্ডাৰ ইমান বিশাল, ইমানেই বিশাল যে পৃথিৱীৰ বজাৰত ইয়াৰ মূল্য ১০ হাজাৰ কুৱাড্ৰিলিয়ন মাৰ্কিন ডলাৰ। এই অকল্পনীয় পৰিমাণৰ বিশাল ধনৰাশি পৃথিৱীৰ মানুহৰ মাজত ভগাই দিলে, পৃথিৱীৰ প্ৰত্যেকগৰাকী লোকক ১২৫ বিলিয়ন ডলাৰকৈ দিব পৰা যাব।

এই মহামূল্যবান গ্ৰহাণুপুঞ্জটোৰ অধ্যয়নৰ বাবেই চলিত ২০২৩ বৰ্ষৰ বিগত ১৩ অক্টোবৰত নাছাই প্ৰেৰণ কৰিছে ছাইকি নামৰ এক বিশেষ উপগ্ৰহ। ছিক্সটিন চাইকিৰ ভূ-পৃষ্ঠ পুংখানুপংখ ভাবে অধ্যয়ন কৰি নাছাক তথ্য প্ৰেৰণ কৰিব ছাইকি উপগ্ৰহই। গ্ৰহাণুপিণ্ডটোৰ কক্ষপথত ২০২৯ চনত উপস্থিত হ’বগৈ উপগ্ৰহটো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...