‘সদিচ্ছা’ৰ উদ্যোগত ৫ নৱেম্বৰৰ পৰা অসম ইণ্টাৰনেশ্যনেল ট্রেড ফেয়াৰ

চান্দমাৰীৰ বাণিজ্য মেলাত উপলব্ধ হ’ব কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ সামগ্ৰী

অসমৰ আগশাৰীৰ সামাজিক সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান ‘সদিচ্ছা’ৰ উদ্যোগত এইবেলি ৫ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈকে গুৱাহাটী চান্দমাৰীৰ অসম ইঞ্জিনীয়াৰিং ইনষ্টিটিউটৰ খেলপথাৰত অনুষ্ঠিত হ’ব “অসম ইন্টাৰনেচনেল ট্রেড ফেয়াৰ 2023″। এই ট্রেড ফেয়াৰৰ যোগেদি গ্রাহকসকলে বিদেশত বজাৰ কৰাৰ দৰেই অভিজ্ঞতা লাভ কৰিব। ১৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই ট্রেড্‌ ফেয়াৰত অংশগ্ৰহণ কৰিব বহুকেইখন বিদেশী ৰাষ্ট্ৰৰ লগতে ভাৰতৰ বহু ঠাইৰ ব্যৱসায়িক প্রতিষ্ঠানে ।

ট্রেড্‌ ফেয়াৰত অংশগ্ৰহণ কৰিবলগীয়া বিদেশী ৰাষ্ট্ৰকেইখন হৈছে আফগানিস্তান, থাইলেণ্ড, বাংলাদেশ আৰু শ্রীলংকা। আফগানিস্তানৰ বিপণীত উপলব্ধ হ’ব-ড্রাই ফুডছ, ছিছ, এলমণ্ড, ছাহি জিৰা আৰু আছাফেটিদা । থাইলেণ্ডৰ বিপণীত পাব- নকল ফুল, সুন্দৰ অলংকাৰ খেলাৰ সামগ্ৰী কাপোৰ, বেগ, জৈৱিক ঔষধ আৰু থাই স্পা। শ্রীলংকাই লৈ আহিব সূক্ষ্ম কাৰুকাৰ্য্য খচিত পাথৰ, ৰত্ন, মছলা, চাহপাত, মুকুতা, জেমছ আৰু বিভিন্ন পাথৰ। বাংলাদেশৰ বিপণীত উপলব্ধ হ’ব ঢাকাই জামদানি শাৰীৰ লগতে তাঁতৰ শাৰী, মেলামাইনৰ সামগ্ৰী, বিছনা চাদৰ,বেগ, কুশ্বন ক’ভাৰ আৰু গাৰু ক’ভাৰ। লগতে বিভিন্ন হস্তশিল্পজাত সামগ্ৰীৰো বিপণি থাকিব এই টেড্‌ ফেয়াৰত ।

সৎ উদ্দেশ্য লৈ জনকল্যাণমূলক বিভিন্ন কৰ্মৰাজিৰে সমাজত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা ‘সদিচ্ছা’ৰ জন্ম হৈছিল গুৱাহাটীৰ কেইগৰাকীমান সমাজ সচেতন মহিলাৰ আশাসুধীয়া প্রচেষ্টাত। ইতিমধ্যে ‘সদিচ্ছা’ৰ উদ্যোগত বিভিন্ন জনকল্যাণমূলক কাম-কাজ কৰি যাবলৈ দৃঢ় পদক্ষেপ গ্ৰহণ কৰা সংগঠনটোৰ কৰ্মৰাজিত যাতে অর্থনৈতিক দিশটো হেঙাৰ হৈ থিয় দিব নোৱাৰে, তাৰ বাবে তেওঁলোকে আয়োজন কৰিবলৈ লৈছে ‘অসম ইন্টাৰনেচনেল ট্রেড ফেয়াৰ 2023’।

পোন প্ৰথমবাৰৰ বাবে সদিচ্ছাৰ উদ্যোগত আয়োজন কৰা এই টেড্‌ ফেয়াৰত দিহানাম আৰু পৰম্পৰাগত জাতীয় সাজপাৰৰ এক প্রতিযোগিতাও অনুষ্ঠিত হ’ব বুলিও ‘সদিচ্ছা’ৰ সভাপতি মনালিছা বৰুৱা আৰু সাধাৰণ সম্পাদক ময়ুৰী দত্তই বৃহস্পতিবাৰে এখন সংবাদ মেলত জানিবলৈ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাজুলীৰ বিধায়ক ভুবন গামৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী

অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ পৱিত্ৰ সত্ৰ-সমাজৰ...

ব’লবমৰ বাবে পানী আনিবলৈ গৈ লুইতত সন্ধানহীন পিতা-পুত্ৰ

ব'লবমৰ আনন্দোল্লাসৰ মাজতে ডিব্ৰুগড়ৰ মাইজানত সংঘটিত হৈছে এক শোকাৱহ...

ছাইৰ আঘাত, ছৰফৰাজৰ ভাগ্যোদয়!

অপেক্ষাৰ অন্ত পৰিল। ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে ৰান সংগ্ৰহ কৰি...

গুজৰাটৰ মুখ্যমন্ত্ৰীক কমনৱেল্থ গেমছৰ পতাকা প্ৰদান: ২০৩০চনৰ মেগা ইভেণ্টৰ প্ৰস্তুতিৰ আনুষ্ঠানিক শুভাৰম্ভ

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক (Bhupendra Patel) আনুষ্ঠানিকভাৱে ২০৩০ চনৰ...