অৱশেষত অলিম্পিকত নিশ্চিত হ’ল ক্রিকেট

অৱশেষত অলিম্পিকত ক্রিকেটৰ লগতে ৫ বিধ খেল অন্তৰ্ভুক্ত কৰাত অনুমোদন দিলে আন্তৰ্জাতিক অলিম্পিক কমিটীয়ে। ২০২৮ৰ অলিম্পিকৰ বাবে অন্তৰ্ভুক্ত হোৱা খেলৰ তালিকাত ক্রিকেটৰ উপৰি আছে ছফ্ট বল, ফ্লেগ ফুটবল, স্কোৱাছ আৰু লেক্রছ খেল।


অৱশেষত অলিম্পিকত ক্রিকেট নিশ্চিত হ’ল
ছীল-মোহৰ মাৰিলে মুম্বাইত অনুষ্ঠিত IOCৰ বৈঠকে
১২৮ বছৰৰ পাছত অলিম্পিকত অন্তৰ্ভুক্ত ক্ৰিকেট
অকল ক্রিকেট নহয়, আৰু ৪টা খেল অন্তৰ্ভুক্ত অলিম্পিকত
খেলকেইবিধ হৈছে– ছফ্ট বল, ফ্লেগ ফুটবল, স্কোৱাছ, লেক্রছ

অলিম্পিকত পুনৰ ক্ৰিকেট অন্তৰ্ভুক্ত কৰাৰ বিষয়টোত ছীল–মোহৰ মাৰিলে আন্তৰ্জাতিক অলিম্পিক কমিটীয়ে। মুম্বাইত অনুষ্ঠিত IOCৰ বাৰ্ষিক সভাত সোমবাৰে ভোটৰ মাধ্যমেৰে অলিম্পিকত ক্রিকেট অন্তৰ্ভুক্ত কৰাত অনুমোদন জনায় IOCএ।পুৰুষ আৰু মহিলা শাখাত টি-20 ফৰ্মেটত ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত অনুষ্ঠিত হ’ব ক্ৰিকেট খেল। এই IOCএ যোৱা শুকুৰবাৰে এই সন্দৰ্ভত এক প্রস্তাৱ গৃহীত কৰিছিল। ১২৮ বছৰ পাছত অলিম্পিক ক্রীড়াত অন্তৰ্ভুক্ত হৈছে ক্ৰিকেট। অলিম্পিকত ক্ৰিকেটৰ অন্তৰ্ভুক্তিত সন্তুষ্টি প্রকাশ কৰিছে আন্তৰ্জাতিক অলিম্পিক কমিটীৰ সদস্য নীতা আম্বানিয়ে।

অলিম্পিকত ইয়াৰ পূৰ্বে এবাৰেই ক্রিকেট অন্তৰ্ভুক্ত হৈছিল
১৯০০ চনত অলিম্পিকত প্রথমবাৰ অনুষ্ঠিত হৈছিল ক্রিকেট
প্রতিযোগিতাত আছিল ৪টা দল, নাম প্রত্যাহাৰ কৰিছিল হলেণ্ড, বেলজিয়ামে
ব্রিটেইন আৰু ফ্রান্সৰ মাজত দুদিন ধৰি অনুষ্ঠিত হৈছিল এই খেল

দীৰ্ঘদিন ধৰি অলিম্পিকত ক্রিকেট অন্তৰ্ভুক্ত কৰাৰ বিষয়ত জল্পনা–কল্পনা চলি আহিছিল। BCCIয়েও ক্ৰিকেটক অলিম্পিকত অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন জনাইছিল। অৱশেষত আন্তৰ্জাতিক অলিম্পিক কমিটীৰ সভাপতি থমাছ বাকৰ নেতৃত্বত IOCএ ক্ৰিকেটৰ অন্তৰ্ভুক্তিত অনুমোদন জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...