তেজপুৰত মাইক্ৰ’ফাইনেন্স হিতাধিকাৰীৰ মাজত ঋণমুক্তিৰ প্ৰমাণপত্ৰ বিতৰণ মন্ত্ৰী সিংহলৰ

অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেজপুৰৰ কলেজিয়েট ফিল্ডত “অসম মাইক্ৰ’ফাইনেন্স উদ্‌গনি আৰু সকাহ আঁচনি, ২০২১”ৰ অধীনত শোণিতপুৰ জিলাৰ তৃতীয় বৰ্গৰ ঋণ গ্ৰহণকাৰীসকলৰ মাজত ঋণমুক্তিৰ প্ৰমাণপত্ৰ (ন’ ডিউজ চাৰ্টিফিকেট) বিতৰণ কৰে।

এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত হিতাধিকাৰী মহিলাসকলক সম্বোধন কৰি প্ৰদান কৰা ভাষণত মন্ত্ৰী সিংহলে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ২.২২ লাখ তৃতীয় বৰ্গৰ ঋণগ্ৰহণকাৰীক “অসম মাইক্ৰ’ফাইনেন্স উদ্‌গনি আৰু সকাহ আঁচনি, ২০২১”ৰ অধীনত ৩০০ কোটি টকাৰ আৰ্থিক সুবিধা প্ৰদান কৰিছে। আজি ঋণমুক্তিৰ প্ৰমাণপত্ৰ বিতৰণৰ লগে লগে আমাৰ দৰিদ্ৰ ঋণ গ্ৰহণকাৰী ৰাইজৰ ওপৰৰ পৰা এক বৃহৎ আৰ্থিক বোজা আঁতৰি যাব বুলি মন্তব্য কৰি তেওঁ কয় যে এই পদক্ষেপৰ ফলত তেওঁলোক পুনৰবাৰ ঋণৰ বাবে যোগ্য হৈ উঠিব। মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ আৰ্থিকভাৱে অনগ্ৰসৰ মহিলা আৰু আই-মাতৃসকলক ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ঋণৰ পৰা মুক্তি দিয়াৰ বাবে নতুন চৰকাৰৰ প্ৰথমখন কেবিনেটতে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই পদক্ষেপৰ ৰূপায়ণৰ বাবে গঠন কৰা সমিতিৰ দায়িত্ব ল’বলৈ পাই নিজকে সৌভাগ্যৱান অনুভৱ কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে সমগ্ৰ দেশৰ ভিতৰত এই কাৰ্যসূচী ৰূপায়ণ কৰা অসমেই হৈছে প্ৰথমখন ৰাজ্য। ভাৰতীয় সভ্যতাত নাৰীক সদায়েই উচ্চ স্থানত অধিষ্ঠিত কৰি অহা হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে নাৰীৰ এই মৰ্যাদাৰ কথা মনত ৰাখিয়েই বৰ্তমানৰ চৰকাৰে তেওঁলোকক ঋণমুক্ত কৰি আৰ্থিকভাৱে শক্তিশালী কৰি ৰাখিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।‌ এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰে জাতি-ধৰ্ম-ভাষাৰ কোনো বিভাজন ৰখা নাই বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আজি তেজপুৰত সমবেত হোৱা মহিলাসকলেই তাৰ চাক্ষুস প্ৰমাণ। বৰ্তমানৰ চৰকাৰে এইদৰেই সকলোকে লৈ সৰ্বাত্মক কল্যাণৰ বাবে কাম কৰি আহিছে বুলি তেওঁ মন্তব্য কৰে।

আজিৰ অনুষ্ঠানত বিধায়ক পৃথ্বীৰাজ ৰাভা, কৃষ্ণ কমল তাঁতী আৰু গণেশ কুমাৰ লিম্বু, শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ প্ৰমুখ্যে জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়-ববীয়াসকল তথি অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...