কণী খাই যদি পঢ়ক এই প্ৰতিবেদন

ৰাতিপুৱাৰ আহাৰৰ বাবে কণীক শ্ৰেষ্ঠ আহাৰ বুলি গণ্য কৰা হয়। কণীক প্ৰ’টিনৰ এক ভাল উৎস বুলও গণ্য কৰা হয়। আমি ৰাতিপুৱাৰ আহাৰত কণী বিভিন্ন ধৰণে অন্তৰ্ভুক্ত কৰিব পাৰোঁ। কণী স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। উল্লেখ্য যে কণীত ভিটামিন-বি, ভিটামিন বি12, বায়োটিন, এণ্টিঅক্সিডেণ্ট আৰু প্ৰ’টিন থাকে। যি শৰীৰক বহুতো সমস্যাৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিব পাৰে। গতিকে আহাৰত কণী খোৱাৰ লাভালাভবোৰ জানো আহকচোন।

১. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে : প্ৰতিদিনে ৰাতিপুৱা সিজোৱা কণী খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। কণীত এণ্টিঅক্সিডেণ্ট, ভিটামিন, প্ৰ’টিন থাকে, যি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰিব পাৰে।

২. প্ৰ’টিন : প্ৰ’টিনক শৰীৰৰ বাবে এক গুৰুত্বপূৰ্ণ উপাদান বুলি গণ্য কৰা হয়। এক প্ৰতিবেদন অনুসৰি এটা কণীত ৬ গ্ৰামতকৈ অধিক প্ৰ’টিন থাকে। প্ৰ’টিনৰ অভাৱ দূৰ কৰিবলৈ, ৰাতিপুৱাৰ আহাৰত কণী অন্তৰ্ভুক্ত লাগে।

৩. আইৰণ : কণীক আইৰণৰ এক ভাল উৎস বুলি গণ্য কৰা হয়। যদি আপুনি তেজৰ অভাৱ দূৰ কৰিব বিচাৰে, তেন্তে আপুনি ৰাতিপুৱাৰ আহাৰত সিজোৱা কণী অন্তৰ্ভুক্ত কৰিব পাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ

পঞ্জাৱৰ অমৃতসৰত এক গোপনীয় গুপ্তচৰবৃত্তি বিৰোধী অভিযানত পঞ্জাৱ আৰক্ষীয়ে...

দেওবাৰৰ পৰা বিহাৰত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া-২০২৫

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিভাসন্ধানী ৰাষ্ট্ৰীয় প্ৰতিযোগিতা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ বাতিল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ বাতিল। পেহেলগামৰ ঘটনাক লৈ...