ইৰানৰ নাৰ্গিছ মহম্মদীলৈ আগবঢ়োৱা হৈছে শান্তিৰ নোবেল

২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটা ঘোষণা। ইৰানৰ নাৰ্গিছ মহম্মদীলৈ আগবঢ়োৱা হৈছে শান্তিৰ নোবেল। ইৰানৰ বিশিষ্ট মানৱাধিকাৰ কৰ্মী, স্বাধীনতা সংগ্ৰামী তথা লেখিকা নাৰ্গিছ মহম্মদীলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটা। সম্প্ৰতি ইৰানৰ কুখ্যাত ইভিন কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে নাৰ্গিছ। ইৰানৰ নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়া, মানৱ অধিকাৰ ৰক্ষা কৰা আৰু সকলোৰে অধিকাৰ সুনিশ্চিত কৰাৰ বাবে নাৰ্গিছে শান্তিৰ নোবেল বঁটা লাভ কৰে। ৫১ বছৰীয়া নাৰ্গিছ ১৩ বাৰ গ্ৰেপ্তাৰ হৈছে। পাঁচবাৰ দোষী সাব্যস্ত হৈছে। এই সকলোবোৰ অপৰাধৰ বাবে মুঠ ৩১ বছৰৰ কাৰাদণ্ড বিহা হৈছে নাৰ্গিছক। আনকি শ্বৰীয়ত আইন অনুসৰি নাৰ্গিছক ১৫৪ বাৰ বেত্ৰাঘাত কৰা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...