আৰম্ভ হ’ল দেশত বিশ্বকাপ ক্ৰিকেটৰ মহাৰণ

৪৬টা দিন, ৪৮খন মেচ
১০খনকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম
সাজু ভাৰত, সাজু টীম ইণ্ডিয়া
আৰম্ভ হ’ল দেশত বিশ্বকাপ ক্ৰিকেটৰ মহাৰণ

ক্ৰিকেট বলিয়া দেশ ভাৰতত আৰম্ভণি ঘটিল ক্ৰিকেট বিশ্বৰ বহুপ্ৰতীক্ষিত এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ। ১ লক্ষাধিক আসনযুক্ত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মেচেৰে শুভাৰম্ভ হ’ল এদিনীয়া বিশ্বকাপৰ। বিশ্বৰ ১০টা শ্ৰেষ্ঠ দলৰ মাজত অনুষ্ঠিত হৈছে এই বিশ্বকাপ। প্ৰায় ডেৰ মাহলৈ ক্ৰিকেট জ্বৰত আক্ৰান্ত হ’ব সমগ্ৰ দেশ। ভাৰতৰ ১০খন চহৰত ICC ক্ৰিকেট বিশ্বকাপৰ ৪৮খন মেচ অনুষ্ঠিত হ’ব। অৱশ্যে, বহু ক্ৰিকেট বিশ্লেষকৰ মতে এদিনীয়া ক্ৰিকেটৰ সেই পূৰ্বৰ জনপ্ৰিয়তা নোহোৱা হৈছে যদিও এইবাৰ বিশ্বকাপ হ’ব দৰ্শকেৰে পৰিপূৰ্ণ। কাৰণ এইবাৰ প্ৰথমবাৰলৈ এককভাৱে আয়োজন কৰিব ক্ৰিকেট বিশ্বকাপ। ইয়াৰ পূৰ্বে ২০১১ চনত শ্ৰীলংকা আৰু বাংলাদেশৰ লগত মিলি ভাৰতে আয়োজন কৰিছিল বিশ্বকাপ। এইবাৰ এককভাৱে বিশ্বকাপ আয়োজন কৰা ভাৰতত আছে বহুকেইখন আটকধুনীয়া হাই টেক ষ্টেডিয়াম। আছে ১০খন উন্নত মানদণ্ডৰ খেলপথাৰ। ভাৰতৰ ১০ খন চহৰ আহমেদাবাদ, মুম্বাই, লক্ষ্ণৌ, ধৰ্মশালা, হায়দৰাবাদ,কলকাতা, পুনে, দিল্লী,
চেন্নাই আৰু বেংগালুৰুৰ ক্ৰিকেট ষ্টেডিয়াম আটকধুনীয়াকৈ সজাই তোলা হৈছে।

ইপিনে, এইবাৰৰ বিশ্বকাপত ফেভাৰিটৰূপে অৱতীৰ্ণ হ’ব আয়োজক টীম ইণ্ডিয়া। ২০১১ত দেশৰ মাটিতে এম এছ ধোনীৰ নেতৃত্বত বিশ্বকাপ জয় কৰিছিল ভাৰতে । আনহাতে, ২০১৩ চনত চেম্পিয়নছ ট্ৰফীয়েই আছিল ICC-এ আয়োজন কৰা ট্ৰফীৰ অন্তিম সাফল্য। ৯ বছৰে ICCৰ কোনো ট্ৰফীতে সফল হোৱা নাই মেন ইন ব্লু। ৯ বছৰীয়া শূন্যতা পূৰ্ণ কৰাৰ সুবৰ্ণ সুযোগ আছে ৰোহিত বাহিনীৰ সন্মুখত। ভাৰতে ৮ অক্টোবৰত খেলিব নিজৰ প্ৰথমখন মেচ। শক্তিশালী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চেন্নাইত খেলপথাৰত নামিব টীম ইণ্ডিয়া। ইপিনে, ১১ অক্টোবৰত দিল্লীত আফগানিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন মেচ খেলিব ভাৰতে। ইয়াৰ পিছতে ১৪ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে হাইভল্টেজ মেচত অৱতীৰ্ণ হ’ব ৰোহিত বাহিনীয়ে। ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ এতিয়া এটাই স্বপ্ন এইবাৰ যেন ভাৰতেই জিনক বিশ্বকাপৰ খিতাপ। বিশ্ব বিজয়ী হওঁক টীম ইণ্ডিয়া।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...